ফজলুৰ ৰহমান

সোণতলী

৮ ফেব্ৰুৱাৰী

কথা দি কথা ৰাখিলে বকোৰ বিধায়িকা নন্দিতা দাসে৷ বকো সমষ্টিত বিগত দিনত সভাই সমিতিয়ে দিব্যাংগ লোকক সহায় কৰাৰ বাবে দি অহা প্ৰতিশ্ৰুতি সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে ৰক্ষা কৰিলে বিধায়িকা নন্দিতা দাসে ৷

পিছে এই প্ৰতিশ্ৰুতি চৰকাৰী সাহাৰ্য ও বিধায়ক পুঁজিৰ ধন অবিহনেই বিশেষ ভাৱে সক্ষম লোকৰ মাজত বিতৰণ কৰিলে ট্ৰাইছাইকেল লগতে বিধায়িকা গৰাকীয়ে প্ৰত্যেক বছৰেই বিশেষভাৱে সক্ষম লোকক ট্ৰাইচাইকেল বিতৰণ কৰিব বুলিও প্ৰতিশ্ৰুতিবদ্ধ দিয়ে৷ দক্ষিণ কামৰূপৰ সোণতলীত বকোৰ বিধায়িকা নন্দিতা দাসে বিশেষভাৱে সক্ষম লোকৰ মাজত ট্ৰাইচাইকেল বিতৰণ কৰে৷
সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে এই ট্ৰাইচাইকেল বিতৰণ কৰে বিধায়িকা নন্দিতা দাসে৷ ট্ৰাইচাইকেল বিতৰণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বকো সমষ্টিৰ ৩০ গৰাকী দিব্যাংগ লোকক ট্ৰাইচাইকেল বিতৰণ কৰে বিধায়িকা গৰাকীয়ে৷ কামৰূপ জিলাৰ কোনো দিব্যাংগ লোকে যাতে চৰকাৰী সহায়- সাহাৰ্যৰ পৰা বঞ্চিত নহয় তাৰ বাবে হেঁপাহ আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্রহণৰ কথা প্ৰকাশ কৰে বিধায়িকা গৰাকীয়ে৷ ইফালে,বিধায়িকা নন্দিতা দাস বিকংলংক লোকক এনে প্ৰচেষ্টা আৰু সহায় কৰাৰ বাবে দিব্যাংক লোক সকলে ভবিষ্যত উজ্জ্বল কামণা কৰাৰ লগতে ধন্যবাদ জনাইছে৷

আনহাতে, কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে বিধায়িকাৰ উপস্থিতিত সোণতলীৰ গৰাখহনীয়াগ্ৰস্থ পানীখাইতী অঞ্চল পৰিভ্ৰমন কৰাৰ লগতে মাহতলী গাঁও পঞ্চায়তৰ ৯ খন ৰাজহ গাঁও মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱা অৱস্থাত পানীখেইতীৰ উজনি অংশৰ স্থায়ী প্ৰতিৰোধৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলি ৰাইজৰ সৈতে হোৱা মত বিনিময়ত উল্লেখ কৰে ৷