কুন্দন ভৰালী

নগাঁও

৭ ফেব্ৰুৱাৰী

নগাঁৱত মুকলি হ’ল সংগীত শিল্পী মঞ্চৰ স্থায়ী ভৱন। নগঞা শিল্পী সকলৰ বাবে দেওবাৰে এক স্থায়ী ভৱন উদ্বোধন কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে সংগীত শিল্পী মঞ্চৰ সভাপতি পংকজ বেজবৰুৱাই। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভূপেন উজীৰ, শান্তা উজীৰ, কুইন দাস, সন্ধ্যা মেনন জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতী, বিশিষ্ট সমাজসেৱী ৰঞ্জিত তামুলী ফুকন, দেৱেন্দ্ৰ সিং চেহমী, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ আদিয়ে।

সভাত ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে-সংগীত শিল্পী মঞ্চৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে ধন আৱন্টন দি বিধায়ক পুঁঁজিৰ সদব্যৱহাৰ কৰা যেন অনুভৱ হৈছে।