গুৱাহাটী
৪ নৱেম্বৰ

যোগান মন্ত্ৰী সম্পূৰ্ণ বিফল, মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীৰ মুখত টুলুঙা মন্তব্য। আগুৱাই আহিল মুখ্যমন্ত্ৰী। মূল্যবৃদ্ধি ৰোধৰ বাবে সন্মুখৰ পৰা নেতৃত্বত ল’বলৈ সাজু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠিত কৰিলে জৰুৰী বৈঠক।

খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জলাকলা খুৱাই থকাৰ সময়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা যোগান মন্ত্রী ফণী ভূষণ চৌধুৰীৰ মুখত মূল্যবৃদ্ধি সন্দৰ্ভত কিছুমান টুলুঙা মন্তব্যই ৰাইজক অতিষ্ঠ কৰি তুলিছে। খাদ্য সমগ্ৰীৰ মূল্যবৃদ্ধিকলৈ বিগত কিছুদিন ধৰি বিৰোধী দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজ্য চৰকাৰখনক ধাৰাবাহিক আক্ৰমণ চলাই থকাত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে আগুৱাই আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

২০১৬ বর্ষৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ আশ্বাসেৰে শাসনলৈ আহিছিল আৰু সেই আশ্বাস আখৰে আখৰে পালন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দায়িত্ব কান্ধত পাতি লৈ বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য সমগ্ৰীৰ মূল্যবৃদ্ধিকলৈ অনুষ্ঠিত কৰে এক জৰুৰী বৈঠক৷ বৈঠকত কৃষিমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী, মুখ্য সচিব, মহানগৰ আৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি।কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী।

জৰুৰী বৈঠকত অস্বাভাৱিক মূল্যবৃদ্ধিক নিয়ন্ত্ৰণলৈ আনিবলৈ কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ, আছাম চেম্বাৰ্চ অৱ কমাৰ্চ, আলু আৰু পিয়াঁজ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা, মাছ ব্যৱসায়ী সন্থা, মাংস ব্যৱসায়ী সন্থা, হাঁহ-কুকুৰা ব্যৱসায়ী সন্থা, শাক-পাচলি ব্যৱসায়ী সন্থা, ফল-মূল ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিৰ সৈতেও মত-বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৈঠকত খাদ্য আৰু অসামৰিক যোগান বিভাগ, উদ্যান শস্য, পশু পালন, দুগ্ধ, কৃষি বিভাগৰ বিষয়া সকলো উপস্থিত থাকে।

বৈঠক মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে কৃষিমন্ত্ৰী, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীৰ লগতে ব্যৱসায়ী সন্থা আৰু বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত আলোচনাত মিলিত হৈ ৰাজ্যত প্ৰতিদিনে অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাই থকা খাদ্য সমগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ জনাৰ চেষ্টা চলায়। মুখ্যমন্ত্ৰী গৰাকীয়ে বৈঠকত খাদ্য সমগ্ৰীৰ মূল্য পুনৰ নিয়ন্ত্ৰণলৈ অনাৰ বাবে বিভাগীয় মন্ত্ৰী-বিষয়াৰ লগতে ব্যৱসায়ী সন্থাৰ প্ৰতিনিধি সকলক এক পথ প্ৰশস্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা বুলিও জানিব পৰা গৈছে।