দক্ষিণ শালমাৰা

২৫ ফেব্ৰুৱাৰী

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰে জিলা আছুয়ে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী আছু কৰ্মীয়ে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধৰ দাবীত জলসম্পদ মন্ত্ৰলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সদৌ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। জিলাখনৰ মানকাচৰ সমষ্টিৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিশুমাৰাৰ পৰা আৰম্ভ কৰি দক্ষিণ শালমাৰা সমষ্টিৰ পাটাকাটা, হাজিৰহাট, টুমনি দক্ষিণ শালমাৰাকে ধৰি প্ৰায় প্ৰতিটো প্ৰান্তত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ই ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰায় প্ৰতিটো স্থানত বৰ্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া অব্যাহত থকাৰ ফলত হেজাৰ হেজাৰ লোক গৃহহীন হৈ পৰাৰ লগতে আশ্ৰয়ৰ অভাৱত হাহাকাৰত ভূগিবলগীয়া হৈছে বহু লোক। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰীফুল ইছলাম প্ৰধানীৰ নেতৃত্বত আছুয়ে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থানৰ সময়ত প্ৰতিবাদকাৰী আছুৰ কৰ্মী সকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। ইফালে অৱস্থান ধৰ্মঘট চলি থকাৰ মাজতে জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানী স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰী, ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে চৰকাৰে ইচ্ছা কৰিলে এই জলন্ত সমস্যাৰ সমাধান কৰিব পাৰিব কিন্তু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰ প্ৰশাসনৰ সদ ইচ্ছা নথকাৰ বাবে এই সমস্যাৰ দিনক দিনে জটিল হৈ পৰিছে। আনহাতে প্ৰায় প্ৰতি বছৰে জিলাখনত বাৰিষা কালত হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ, মাটি-ভেটি নদীয়ে উটুৱাই নি গৃহহীন কৰিছে বহু লোকক। ইমানৰ পিছতো চৰকাৰ বা প্ৰশাসনে জিলাখনত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰি কেৱল অস্থায়ীভাৱে প্ৰতিৰোধৰ নামত কোটি কোটি টকা মোকলাই দিয়াত দালালৰূপী ঠিকাদাৰে সিংহ ভাগ ধন আত্মসাত কৰি নিম্ন মানৰ কাম কৰাত প্ৰতিৰোধৰ কামৰ ক্ষেত্ৰত কোনো সুফল পোৱা নাযায় বুলিও ইছলামে প্ৰকাশ কৰে।

অৱস্থান ধৰ্মঘটৰ পিছত জিলা আছুয়ে দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তলৈ ৭ দফীয়া দাবীৰে এখন লিখিত স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা দাবী কেইটা হৈছে দক্ষিণ শালমাৰা সমষ্টি আৰু মানকাচৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ কৰা, ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত মাটি ভেটি হেৰুৱাই সৰ্বশান্ত হোৱা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতিপুৰনৰ ব্যৱস্থা কৰা, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত আক্ৰান্ত হোৱা সকলো পৰিয়ালক চৰকাৰী বিশেষ সুবিধাৰ ব্যৱস্থা কৰা, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত সকলক চৰকাৰী প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা আৰু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত দক্ষিণ শালমাৰা সমষ্টি আৰু মানকাচৰ সমষ্টিৰ আজিলৈকে কিমান গাঁও, কিমান পৰিয়ালৰ আৰু কিমান কৃষিভূমি নদীৰ বুকুত বিলীন হ’ল সেয়া চৰকাৰী জৰিপৰ জৰিয়তে অতি সোনকালে বিতং তথ্য ৰাজহুৱা কৰা।