মানকাচৰ

৬ এপ্ৰিল

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিত আজি শান্তিপূৰ্নভাৱে সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজত ভোট গ্ৰহণ সম্পন্ন হয়। মানকাচৰ সমষ্টিৰ মুঠ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰত ২,২৬,৬৪৯ গৰাকী ভোটাৰৰ ভিতৰত ৮৯.২১ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰে। একেদৰে দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ১,৮৯,২০৯ গৰাকী ভোটাৰৰ ভিতৰত ৮৯.৮২ শতাংশ ভোটাৰে ভোটদান সাবস্থ্য কৰে।

পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে আৰু সামাজিক দূৰত্ব বজাই ৰাখি জিলাখনৰ দুই সমষ্টিৰ মুঠ ৫৯৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান আৰম্ভ হয়। জিলাখনত থকা তিনিখন মহিলা ভোট গ্ৰহণ কেন্দ্ৰ, ৬ খন আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৬ খন স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰতো অতি শান্তিপূৰ্ণভাৱে ভোটাৰ সকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। অবশ্য একাংশ ভোট গ্ৰহণ কেন্দ্ৰত যথেষ্ট পৰিমাণে ভিৰ হোৱাৰ বাবে ভোটাৰ সকলে সামাজিক দূৰত্ব বজাই ৰাখিব নোৱাৰে যদিও মুখত মাক্স পৰিধান কৰি কভিড প্ৰ’টকলৰ সকলো নীতি নিয়ম মানি ভোটাৰ সকলে ভোটদান কৰে। বিয়লি ৬ বজাত শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হোৱাৰ পাছত ইতিমধ্যে প্রিজাইডিং আৰু পলিং বিষয়া সকল নিজৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ই ভি এম আৰু ভোট গ্ৰহণৰ সকলো সামগ্ৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত আনি জমা দিয়ে। আজি নিশা ১ বজাৰ ভিতৰত মানকাচৰ সমষ্টিৰ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ পলিং বিষয়া সকলে ভোট গ্ৰহণৰ সামগ্ৰী জমা দিয়াৰ সম্বাৱনা আছে। আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ অতি দুৰ্গম এলেকাত থকা ভোট গ্ৰহণ কেন্দ্রৰ প্রিজাইডিং আৰু পলিং বিষয়া সকল বুধবাৰে পুৱাৰ ভাগত উপায়ুক্তৰ কাৰ্যালয়ত আহি ভোট গ্ৰহণৰ সামগ্ৰী জমা দিয়াৰ সম্বাৱনা আছে।

ভোট গ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে মানকাচৰ সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী আৰু দক্ষিণ শালমাৰা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীসহ মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দি হ’ল। ৪ লক্ষাধিক লোকে সমষ্টি দুখনৰ কাক ভোটদান কৰিছে সেয়া অহা ২ মে তাৰিখে ভোট গণনাৰ পাছত স্পষ্ট হ’ব যদিও ইতিমিধে সমষ্টি দুখনত প্ৰাৰ্থী সকলৰ লগতে নেতা কৰ্মী তথা সমৰ্থক সকলৰ মাজত কোনে কোন ভোট গ্ৰহণ কেন্দ্ৰত কিমান ভোট লাভ কৰিব তাক লৈ হিচাপ নিকাচৰ অংক আৰম্ভ কৰা পৰিলক্ষিত হৈছে।