কোকৰাঝাৰ

৭ এপ্ৰিল

মঙলাবাৰে অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ত ১২ খন জিলাৰ ৪০ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হয়। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা যায়। দীঘলীয়া শাৰীত থিয় হৈ ভোটাৰ সকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে।

বি টি এৰ বৰনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিপিএফৰ এমচিএল ৰাজীৱ ব্ৰহ্মই পত্নীসহ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ৰাজীৱ ব্ৰহ্মই পত্নী আৰু দলীয় সমৰ্থকৰ সৈতে পূৱ কোকৰাঝাৰ পৰিষদীয় সমষ্টিৰ ৮৩ নং ভালুকমাৰী ইএম স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি ৰাজীৱ ব্ৰহ্মই কয় যে পুনৰ বাৰ পূৱ কোকৰাঝাৰ পৰিষদীয় সমষ্টিৰ পৰা প্ৰমিলা ৰাণী ব্ৰহ্মই বিপুল ভোটৰ ব্যৱধানত জয় যুক্ত হ’ব।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ৭৯,১৯,৬৪১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। তৃতীয় পৰ্যায়ৰ ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে ৩১২ গৰাকী পুৰুষ আৰু ২৫ গৰাকী মহিলা প্ৰাৰ্থী।