লাক্ষীমপুৰ, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ ৰাজ্যত এটাৰ পিছত আনটো ধর্ষণৰ ঘটনাই ৰাজ্যবাসীক লজ্জিত কৰি থকাৰ সময়তে লাক্ষীমপুৰ জিলাৰ নাওবৈচাত সংঘটিত হোৱা এক ধর্ষণকাণ্ডই পুনৰ লজ্জিত কৰিলে অসমবাসীক। লাক্ষীমপুৰ জিলাৰ নাওবৈচাৰ শিঙৰা নৈৰ মাথাউৰিৰ কাষত এগৰাকী ১৪ বছৰীয়া কিশোৰীক পাঁচজনকৈ নৰ পিশাচে ধর্ষণ কৰি হত্যাৰ চেষ্টা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৪ বছৰীয়া কিশোৰী গৰাকীক পাঁচজন নৰ পিশাচে দলবদ্ধ ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলাই অচেতন অৱস্থাত পুখুৰীত পেলাই যায়। সংকটজনক অৱস্থাত কিশোৰী গৰাকীৰ মাতৃ কিশোৰী গৰাকীক পুখুৰীৰ পৰা উদ্ধাৰ কৰি নাওবৈচা চিকিৎসালয়ত ভৰ্তি কৰায়। আৰক্ষীয়ে এই জঘন্য কাণ্ডৰ লগত জড়িত চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক কেইজন ক্ৰমে মুনিন্দ্ৰ সৰকাৰ, ৰমনী ঘোষ, শুসন মণ্ডল আৰু মনোজ বিশ্বাস।