কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ সোমবাৰে বি টি চি নাথ যোগী ছাএ সন্থাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় কোকৰাঝাৰৰ ফকিৰাগ্ৰামত৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম, দোতমাকে ধৰি ভিভিন্ন অঞ্চলত দোকান বজাৰ, ব্যৱসায়ীক যান বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰে৷ নাথ জনগোষ্ঠীৰ সমবিকাশ আৰু অধিকাৰ, জনজাতিকৰন আৰু ৰাজনৈতিক সমঅধিকাৰ দাবীত বি টি চি নাথ যোগী ছাএ সন্থাই সোমবাৰে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায়। বন্ধৰ সময় ছোৱাত কোনোধৰনৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই যদিও বি টি চি’ত বন্ধৰ সৰ্বাত্মম প্ৰভাৱ দেখিবলৈ পোৱা যায়।