গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিলঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ নিৰ্দেশত সোমবাৰে কংগ্ৰেছ দলে দেশজুৰি অনশন কাৰ্যসূচী ৰূপায়ন কৰে। দেশৰ দলিত, আদিবাসী আৰু সংখ্যালঘু সম্প্ৰদায় অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ ৰাজঘটত অনশনত বহে ৰাহুল গান্ধী। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছ দলে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮ ঘন্টিয়া অনশন কাৰ্যসূচী পালন কৰে। মহানগৰী গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে উদ্যোগত গণেশগুৰিৰ গণেশ মন্দিৰ উদ্যানত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। গণেশ মন্দিৰ উদ্যানত ৰিপুন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈৰ লগতে কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মী অংশনত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো কংগ্ৰেছ দলে জিলা উপায়ুক্তৰ কাৰ্য্যালয় প্ৰাঙ্গনত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮ ঘন্টিয়া অনশন কাৰ্যসূচী পালন কৰে। গোৱালপাৰা জিলাৰ পূব আৰু পশ্চিম সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলম আৰু আব্দুৰ ৰচিদ মণ্ডল, জিলা কংগ্ৰেছৰ সভাপতি আবু ছায়েড, প্ৰাক্তন বিধায়ক আফটাবুদ্দিন মোল্লাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক কংগ্রেছ কৰ্মী অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাতো শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্ত কার্যলায়ৰ সন্মুখত ৰূপায়ন কৰা অনশন কাৰ্যসূচীত শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঞি, উপ সভাপতি গজেন ৰাজকোঁৱৰ, জিলা কংগ্ৰেছ সম্পাদক মামুদ আহমেদ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দেশ্বৰী বুঢ়াগোহাঁইকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মী অংশগ্ৰহণ কৰে।