সংবাদ ৩৬৫ ডেস্ক, ১৫ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ অধিবেশনত আজি ষ্টেট কেপিটেল ৰিজন ডেভেল’পমেণ্ট অথৰিটী বিধেয়কখন গৃহীত কৰা হয়৷ অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, কামৰূপ(মঃ), দৰং, মৰিগাঁও আৰু নলবাৰীক ষ্টেট কেপিটেলত অন্তৰ্ভূক্ত কৰা হৈছে৷ বিধেয়কখনৰ অনুসৰি এতিয়াৰে পৰা গুৱাহাটী বুলি কোনো নাম নাথাকিব, জাগীৰোডৰ পৰা মঙলদৈলৈ হ’ব ৰাজধানী ক্ষেত্ৰ৷ দেশৰ ৰাজধানী চহৰ দিল্লীৰ এনচিআৰৰ আৰ্হিত এতিয়াৰে পৰা অসমত হ’ব এছচিআৰ অৰ্থাৎ ষ্টেট কেপিটেল ৰিজন৷ ট্ৰাইবেল বেল্ট আৰু স্বায়ত্ত পৰিষদসমূহেও বিচাৰিলে ৰাজধানী ক্ষেত্ৰত থাকিব পাৰিব।