গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ শেহতীয়াকৈ প্রৱল বান আৰু মুষলধাৰ বৰষুণে অসমত বৃহৎ ক্ষতিসাধন কৰি লক্ষাধিক জনতাক গৃহহাৰা কৰি তােলাৰ সময়তে মানকটা চাহ বাগিছাই শ্রমিকৰ বাবে নতুন গৃহ নিৰ্মাণ কৰি চাহ বাগিছাখনৰ ৪৬টা পৰিয়াললৈ হস্তান্তৰ কৰে। বাগিছাৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা প্ৰতিটাে আবাসত দুটাকৈ শোৱনি কোঠা আৰু এটা লিভিং ৰুম থকাৰ লগতে আবাসৰ সন্মুখ আৰু পিছফালে বাৰান্দা সংলগ্ন আছে। স্থানীয় বতৰৰ দিশলৈ মনত ৰাখি এই ঘৰসমূহ নিৰ্মাণ কৰা হৈছে, কোঠাৰ ভিতৰভাগ শীতল কৰি ৰাখিবলৈ প্ৰতিটাে কোঠাত খিৰিকিৰ লগতে ভেণ্টিলেটৰ ব্যৱহাৰ কৰা হৈছে। প্ৰতিটাে আবাসৰ সৈতে থকা পাকঘৰত মুধচ পর্যন্ত চিমনী সংযোগ কৰা হৈছে৷ ধোঁৱা ওলাই যোৱাৰ বাবে টার্বো ভেণ্টৰ উপৰি খৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। আবাসৰ সৈতে সুকীয়া গা ধোৱা ঘৰ আৰু শৌচাগাৰ আছে। পানী জমা নহ’বলৈ পকী প্লিণ্টৰ সৈতে দমকলো বহুওৱা হৈছে। দুটাকৈ ২৩টা আবাসগৃহ যুক্ত নতুন হাউছিং কলনীখনত থকা সাধাৰণ সুবিধাৰ ভিতৰত আছে এখন শিশু উদ্যান, ষ্ট্ৰীট লাইটসহ ১৫ ফুট বহল ৰাস্তা আৰু যথাযথ জলনিৰ্গমণৰ ব্যৱস্থা। আবাসীসকলৰ সুৰক্ষাৰ বাবে বেৰৰ ব্যৱস্থা কৰা হৈছে আৰু আৱৰ্জনা পেলাবলৈ তথা স্বাস্থ্যকৰ বসবাস নিশ্চিত কৰিবলৈ তিনিটাকৈ উমৈহতীয়া পকী ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে। শ্ৰমিকৰ নতুন হাউচিং কলনি উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ৰিতুপর্ণ বৰুৱাৰ লগতে ৰাজ্য চৰকাৰৰ কেবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। তেওঁলোকে এই আদর্শ শ্রমিকৰ লাইনৰ জড়িয়তে চাহ শ্রমিকসকলৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ কাৰণে চাহ বাগিছা কর্তৃপক্ষই গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। লগতে তেওঁলোকে নতুন আবাসীসকলক ঘৰবােৰ সুৰক্ষিত ৰাখিবলৈ আহবান জনোৱাৰ লগতে এই কলনী অন্য চাহ বাগিছাবােৰৰ বাবে এক দৃষ্টান্ত হোৱাৰ আহ্বান জনায়।