বাঘবৰ, ১৫ ছেপ্টেম্বৰঃ বঙাইগাঁৱৰ মাণিকপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং নাচানকুৰী এমএনআল আমিন প্ৰিছিনিয়ৰ মাদ্ৰাছাৰ পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত বিভাগীয় নিয়ম উলংঘা কৰাৰ অভিযোগ কৰি সমিতিখন বাতিলৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে৷ প্ৰাপ্ত তথ্য অনুসৰি, মাদ্ৰাছাখনৰ নতুন পৰিচালনা সমিতি গঠন কৰাৰ উদ্দেশ্য ২৮ আগষ্টত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু নিজৰ ল’ৰা বা ছোৱালী নথকা অভিভাৱকৰ জড়িয়তে লেংটিছিঙা ৰাজীৱ গান্ধী মেম’ৰিয়েল কলেজৰ আৰবী বিভাগৰ অধ্যাপক ছফিউৰ ৰহমানক পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়৷ আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদৰ কাৰণে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ অভিভাৱক নুৰুল হ’কে প্ৰতিদ্বন্দ্বিতা কৰে যদিও ৰহস্যজনকভাবে তেওঁক সভাপতি পদৰ পৰা বঞ্চিত কৰি উক্ত পদৰ বাবে বেলেগ কোনো অভিভাৱকে প্ৰতিদ্বন্দ্বিতা কৰিলে পৰিস্হিতি ভয়ানক হ’ব বুলিও ভাবুকি অধ্যাপকগৰাকীয়ে ভাবুকি দিয়ে৷  আনহাতে শিক্ষা  বিভাগৰ SSA/BNGN/CP /PCR /2/2003/PT/2014 89-97  dt 22. 05. 2017  Ref.3 State Govt.Notification No.PMA-627 /2010/pt/149 dt. 03/8/2011ৰ ৯ নম্বৰ দফাৰ উল্লেখিত নিয়ম অনুসৰি চাকৰি কৰা শিক্ষক বা বিদ্যালয়ত সন্তান নথকা অভিভাৱকে পৰিচালনা সমিতিৰ সভাপতি বা উপ-সভাপতিৰ পদৰ কাৰণে প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰে৷ এনেক্ষেত্ৰত স্হানীয় অভিভাৱকসকলক ভাবুকি দি বিভাগীয় নীতি-নিয়ম উলংঘা কৰি ছফিউৰ ৰহমানে সভাপতি পদ দখল কৰাত শিক্ষা সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি ছফিউৰ ৰহমানে জাৰাগুৰি মহাত্মা এম ই মাদ্ৰাছাৰো পৰিচালনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব চলাই আছে। মাদ্ৰাছাখনৰ পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ উচিত তদন্তৰ জড়িয়তে ৰহমানৰ সভাপতি পদ বাতিল কৰি অভিভাৱকৰ মাজৰ পৰা সভাপতি নিৰ্বাচিত কৰাৰ বাবে শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত আৰু বঙাইগাঁও জিলা মিছন সমন্বয়কক স্থানীয় লোকে দাবী জনাইছে৷ জানিব পৰা মতে অভিযোগকাৰীসকলে এই সন্দৰ্ভত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত আৰু বঙাইগাঁও জিলা মিছন সমন্বয়কক লিখিত অভিযোগ দাখিল কৰিছে।