আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৬ জানুৱাৰী

শিৱসাগৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমগুৰি মথউৰি মহিলা গাওঁৰক্ষী বাহিনীৰ কণ কণ ছাত্ৰ-ছাত্ৰীক লঘু আহাৰ যোগান। মহিলা গাওঁৰক্ষী বাহিনীয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে বৃদ্ধা আশ্ৰমৰ আবাসী সকলৰ মাজতো খাদ্য সামগ্ৰী যোগান ধৰে।

৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমগুৰি মথউৰি মহিলা গাওঁৰক্ষী বাহিনীৰ সভানেত্ৰী মনোৱাৰা বেগম আৰু সম্পাদিকা চালেহা বেগম, উপ সভানেত্ৰী দিলআৰা জাহান আহমেদ, নায়িকা পৰিণীতা গগৈ দুৱাৰা, মৌচুমী দত্ত, সদস্য হাফিজুদ্দিন আহমেদ আৰু বাবলু আহমেদৰ নেতৃত্বত যোৱা বাহিনীৰ সদস্য-সদস্যা সকলে প্ৰথমে আমগুৰি গাঁৱৰ ৪৪০ নং ৰংপুৰ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীক লঘু আহাৰ প্ৰদান কৰে। ইয়াৰ পাছতেই গাওঁৰক্ষী বাহিনীৰ সদস্য-সদস্যা সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন দলঙৰ ওচৰত থকা বৃদ্ধা আশ্ৰমৰ আবাসী সকলৰ মাজতো খাদ্য সামগ্ৰী যোগান ধৰে। উল্লেখ্য যে, গাওঁৰক্ষী বাহিনীৰ সদস্য-সদস্যা সকলে নিজৰ অঞ্চলটোৰ বিভিন্ন সমস্যাৰ লগত মোকাবিলা কৰাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত এনে ধৰণৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

ইয়ৰোপৰি কভিড-১৯ ৰ সময়ত নিশা অঞ্চলটোত পহৰাৰ ব্যৱস্থা কৰি জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰক্ষী প্ৰশাসনকো সহায় কৰিবলৈ সক্ষম হৈছিল গাওঁৰক্ষী বাহিনীৰ সদস্য-সদস্যা সকলে। কভিডৰ সময়ছোৱাত জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰক্ষী প্ৰশাসনক সহায় কৰাৰ বাবে আমগুৰি মথাউৰি মহিলা গাওঁৰক্ষী বাহিনীৰ সদস্য-সদস্যা সকল অঞ্চলটোৰ লগতে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।