গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মে’ : দিহিং-পাটকাই বনাঞ্চলৰ কয়লা খননক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’বলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে নৱগঠিত দল অসম গণ মঞ্চই। দিহিং-পাটকাই বনাঞ্চলত পূৰ্বৰে পৰা চলি থকা অবৈধ কয়লা খননক বৈধ ৰূপ দিয়াৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম গণ মঞ্চৰ সভাপতি তথা অধিবক্তা শ্ৰীমন্ত কুমাৰ দত্তই।

‘আমাজন অফ ইষ্ট’ খ্যাত দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে প্ৰদান কৰা অনুমতিক লৈ দেখজুৰি লক ডাউনৰ মাজতো সমগ্ৰহ ৰাজ্যতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অভয়াৰণ্যখনত কয়লা খননৰ বিৰোধিতা কৰি সামাজিক মাধ্যম উত্তাল কৰি তুলিছে যুৱ প্ৰজন্মৰ লগতে প্ৰকৃতিপ্ৰেমী সকলে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৰাজ্যৰ দল-সংগঠন সমূহো। দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতি এক হঠকাৰী সিদ্ধান্ত বুলিও মন্তব্য কৰিছে অসম গণ মঞ্চৰ সভাপতি শ্ৰীমন্ত কুমাৰ দত্তই। নৱগঠিত সংগঠনটোৰ সভাপতি গৰাকীয়ে লগতে ‘কা’ বিৰোধী আন্দোলনত জড়িত হৈ কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈসহ আটাইকেইজনক মুক্তিৰ দাবী জনায়। শ্ৰীমন্ত কুমাৰ দত্তই বিশ্বব্যাপী মাৰাত্মক মহামাৰী কৰ’ণা ভাইৰাছে সৃষ্টি কৰা আতংকৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা লোক সকলৰ লগতে শ্ৰমিকসকলক কোনো পক্ষই যাতে বোজা হিচাপে গণ্য নকৰে তাৰ বাবেও ৰাজ্যবাসীক আহ্বান জনাইছে দলটোৱে।

উল্লেখ্য যে, বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰস অব্যাহত থকাৰ মাজতে অসমতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোৰ সংখ্যা। কৰ’ণা ভাইৰাছ বিৰোধী যুঁজি অব্যাহত থকাৰ মাজতে দিহিং-পাটকাইত কয়লা খননৰ অনুমতিয়ে অধিক উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলৰ লগতে ৰাজ্যবাসীক।