হাফলং, ১৩ মেঃ হাফলং শাখা আৰক্ষী চকীৰ অন্তৰ্গত হাবিত এটা হগ বেডগাৰ উদ্ধাৰ হয়৷ হাবিৰ ওচৰৰ গাওঁবাসীয়ে হাবিখনত চাফাই অভিযান চলোৱা সময়ত এই মুগাবৰণীয়া হগ বেডগাৰটো উদ্ধাৰ কৰে৷ গাওঁবাসীয়ে দুষ্পাপ্য হগ বেডগাৰটো স্থানীয় বন বিভাগক চমজাই দিয়ে৷ উল্লেখ্য যে, হগ বেডগাৰ বিলুপ্ত প্ৰায় প্ৰাণীৰ অন্যতম৷ সাধাৰণতে মধ্য আৰু দক্ষিণ পূব এছিয়া ইয়াৰ বসতিস্থান৷ হগ বেডগাৰৰ জীৱনকাল ১৪ বছৰ৷