গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীয়ে লাভ কৰিব ৬ মাহৰ বকেয়া৷ এই ঘোষনা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ বিধানসভাৰ চেন্ট্রেল হলত আয়োজিত সংবাদমেল শিক্ষামন্ত্ৰী ড০ শৰ্মাই এই তথ্য সদৰি কৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰি কয় যে, সৰ্বশিক্ষাৰ অধীনত ১২,৮০০ নতুন শিক্ষকৰ পদৰ সৃষ্টি কৰা হৈছে। ইয়াৰে ১১,৭৪০জনক ৮ ছেপ্টেম্বৰত নিযুক্তি দিয়া হ’ব৷ এই পদত নিযুক্তি পোৱাসকলৰ দৰ্মহা নিয়মীয়া শিক্ষকতকৈ ২ হাজাৰ টকা কম হ’ব৷ ড০ শৰ্মাই লগতে ১২ ছেপ্টেম্বৰত টেট উত্তীৰ্ণ ১,৪৭২গৰাকী শিক্ষামিত্ৰক নিযুক্তি দিয়াৰো ঘোষণা কৰে৷ তেওঁ লগতে ১২,৮০০ নতুন শিক্ষকৰ পদ সৃষ্টি কৰাৰো কথা ব্যক্ত কৰে৷ আনহাতে শিক্ষকৰ বাবে বি এড, ডি এল এড বাধ্যতামূলক কৰা হৈছে বুলিও শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে৷ দূৰ শিক্ষাৰ ক্ষেত্ৰত এই ডিগ্ৰী কৰিলে পঞ্জীয়ন কৰিব লাগিব৷ পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ৷ ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত লগতে কয় যে, বৃহস্পতিবাৰে খানাপাৰাত এক অনুষ্ঠানত অটল অমৃত যোজনাৰ অধীনত ৬,০৯৩গৰাকী ৰোগীলৈ চিকিৎসা সাহাৰ্য আগবঢ়োৱা হ’ব৷ ইয়াৰ বাবে চৰকাৰে ৩১,২৪,৯৮,১৪৮ কোটি টকা ব্যয় কৰাৰো সিদ্ধান্ত লৈছে।