গুৱাহাটী, ৬ ছেপ্তেম্বৰঃ ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ দিশত বৃহৎ উদগণি যোগাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তিনিচুকীয়াৰ ডুমডুমাত হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ চতুৰ্থটাে উৎপাদন গোট উদ্বোধন কৰে। ৰাইন’ প্রকল্প হিচাপে নামাকৰণ কৰা এই প্রকল্পটাে মাত্র ৩০০ দিনৰ ভিতৰতে নির্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইয়াক অসমৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত এক ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰাৰ লগতে ই ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ দিশত নতুন দিশৰ সূচনা কৰিব মন্তব্য কৰে। তেওঁ ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত ঔদ্যোগিক প্রতিষ্ঠান আৰু চৰকাৰে হাতত হাত ধৰি কাম কৰাৰ প্রয়োজন বুলি উল্লেখ কৰি কয় যে চৰকাৰ আৰু ঔদ্যোগিক প্রতিষ্ঠান সমূহৰ ঐক্যবদ্ধ প্রয়াসে ৰাজ্যখনৰ বিকাশৰ লগতে সামূহিক উন্নয়নতো উল্লেখযোগ্য ভূমিকা ল’ব। ঔদ্যোগিক দিশত অসমৰ এক অনুকূল বাতাবৰণ আছে আৰু বর্তমানৰ ৰাজ্য চৰকাৰে ঔদ্যোগিক গোট সমূহক নতুন উদ্যোগ স্থাপনৰ বাবে মাটি প্রদানকে ধৰি উদ্যোগ স্থাপনৰ সকলো প্রক্রিয়া শিথিল কৰি এই দিশত এক উৎসাহ জনক বাতাবৰণৰ সৃষ্টি কৰিছে। হিন্দুস্তান ইউনিলিভাৰক নামনি অসমৰ লগতে বৰাক উপত্যকাতো ঔদ্যোগিক গোট স্থাপনৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়। মুখ্যমন্ত্রীয়ে লগতে কয় যে ঔদ্যোগিক খণ্ডৰ অধিক গুণগত মানসম্পন্ন মানৱ সম্পদৰ চাহিদা পূৰণার্থে ৰাজ্য চৰকাৰে ব্যক্তিগত প্রতিষ্ঠানসমূহৰ সহযোগত ৰাজ্যখনত অধিক দক্ষতা উন্নয়ন কেন্দ্ৰ স্থাপন কৰিব। হিন্দুস্তান ইউনিলিভাৰক ৰাজ্যখনৰ জৈৱিক খণ্ডৰ সম্ভাৱনীয়তা খিনি কামত খটুৱাই উদ্যোগ প্রতিষ্ঠা কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আহ্বান জনায় যাতে নতুন প্রযুক্তিৰে নতুন পণ্য সামগ্ৰীৰ উৎপাদনেৰে প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোড়ীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলক জৈৱিক হাব হিচাপে গঢ়ি তোলাৰ প্রয়াসক বাস্তৱায়িত কৰাৰ দিশত এই প্রতিষ্ঠানটােৱে সক্রিয় ভূমিকা লয়। দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ সৈতে অসমৰ ওচৰ সম্পর্ক আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় চৰকাৰৰ এক্ট ইষ্ট নীতি ৰূপায়নৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমক দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ হিচাপে গঢ়ি তোলাৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্রীয়ে হিন্দুস্তান ইউনিলিভাৰক তেওঁলোকৰ জনসম্পৰ্কৰক্ষী কাম-কাজ বৃদ্ধি কৰাৰ লগতে স্থানীয় জনসাধাৰণ আৰু জনপ্রতিনিধিক আস্থাত লৈ কৰ্পৰেটৰ সামাজিক দায়বদ্ধতাৰ নীতি অধিক সক্রিয় কৰাৰ বাবেও আহ্বান জনায়। লগতে আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বাণিজ্য সন্মিলনত বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্রীয়ে হিন্দুস্তান ইউনিলিভাৰৰ সহযোগিতা বিচৰাৰ উপৰি বিনিয়োগকাৰী সকলৰ মাজত ৰাজ্যখনৰ বিষয়ে ইতিবাচক ভাৱধাৰাৰ উন্মেষ ঘটোৱাৰ প্ৰচেষ্টা লোৱাৰ বাবে আহ্বান জনায়।