সংবাদ ৩৬৫ ডেস্ক, ৬ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ অধিবেশনত গুৰুত্বপূৰ্ণ বিষয় আলোচনা চলি থকাৰ সময়তে স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোপনে টেবলেট ব্যৱহাৰ কৰি বিৰ্তকৰ মাজত সোমাই পৰিছে৷ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে অধিবেশন চলি থকা সময়ত সদনত ম’বাইল, টেবলেট আদি ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু অধ্যক্ষৰ নিৰ্দেশ বৃদ্ধাংগুষ্ঠ দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই অধিবেশন কাৰ্য্যকাল চলি থকা সময়তে টেবলেট ব্যৱহাৰত ব্যস্ত থকাত বিৰোধী দলসমূহে কঠোৰ ভাষাৰে সমালোচনা কৰে৷ উল্লেখ্য যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেডাৰ বৈঠকত অংশগ্ৰহণৰ কাৰণে দিল্লীলৈ যোৱাত অসম বিধানসভাৰ প্ৰথম দুটা দিনত ড০ শৰ্মা সদনৰ মজিয়াত অনুপষ্ঠিত আছিল৷ চলিত অধিবেশনৰ তৃতীয় দিনা প্ৰথমবাৰলৈ সদনত উপস্থিত হৈয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাষৰ আসনত বহি অধিবেশনৰ আলোচনালৈ কৰ্ণপাত নকৰি নিয়ম ভংগ কৰি টেবলেট ব্যৱহাৰত ব্যস্ত থকাত সৰ্বত্ৰে বিশেষ চৰ্চিত হৈছে। আনহাতে নিয়ম ভংগকাৰী হিমন্তক ৰক্ষণাবেক্ষণ দিবলৈ সতীৰ্থ চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, বিধানসভাত মোবাইলহে নিষিদ্ধ আৰু হিমন্তই মোবাইল চাই থকা নাছিল, টেবলেটহে চাই আছিল। চন্দ্ৰমোহন পাটোৱাৰীৰ এই যুক্তিয়ে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷