বঙাইগাঁও, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: বিদ্যুৎ বিভাগৰ অনিয়মীয়া সেৱাই ৰাইজক অতিষ্ঠ কৰি তোলাৰ প্ৰতিবাদত বঙাইগাঁও জিলাৰ, বিজনী বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত দেউটাৰীত শুকুৰবাৰে শক্তিমন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰি স্থনীয়লোকে প্ৰতিবাদ সাব্যস্ত কৰে। গাঁওখনৰ প্ৰায় দুশটা পৰিয়ালৰ মাজত মাত্ৰ ১৬ কেভিৰ ট্ৰান্সফৰমাৰ এটা আছে যদিও ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা বা আন কাম কৰিবলৈ চাকি ব্যৱহাৰ কৰিব লাগে ৰাইজে । তাতে আকৌ ইলেক্ট্ৰনিক মটৰৰ অনুমোদন দি বিভাগীয় কৰ্তৃপক্ষই হেতালি খেলি আছে। কৰবাত যদি হাতেৰে চুৱ পৰা অৱস্থাত তাৰ আছে, কৰবাত আকৌ গছত ওলোমাই থোৱা আছে, কৰবাত ৫-৬ ফুট ব্যৱধানত তাৰসমূহ ছিঙি যোৱাত মাজে মাজে বিপদসংকুলভাৱে সংযোগ দিয়া আছে । প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে ডাঙৰ ট্ৰেন্সফাৰ দিয়াৰ বাবে লিখি দিয়াৰ লগতে বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰীয়ে দুবাৰকৈ ট্ৰেন্সফাৰ দিবলৈ লিখি দিছে যদিওঁ বিজনী বিদ্যুৎ উপসংমন্ডলৰ বিষয়াই কোনো গুৰুত্ব দিয়া নাই। সেয়ে পুৱাতে স্হানীয় পুৰুষ মহিলাই হাতে হাতে চাকিলৈ অসম চৰকাৰ হায় হায়, বিদ্যুত মন্ত্ৰী হায় হায়, তপন গগৈ মুৰ্দাবাদ, বিজনী বিদ্যুৎ উপসংমন্ডলৰ মইমতালি নচলিব, আমাক নিয়মীয়া বিদ্যুৎৰ ব্যৱস্থা কৰক আদি শ্লোগান দি তপন গগৈৰ পুত্তলিকা দাহ কৰে। যদি শীঘ্ৰে ১শ কেভিৰ ট্ৰান্সফৰমাৰ ব্যৱস্থা নকৰে তেন্তে কাৰ্য্যালয় ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।