শোনিতপুৰ, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: ৰাজ্যত বন্য হস্তীৰ মুক্ত বিচৰনে ৰাইজক জুৰুলা কৰি নিদ্ৰা হৰণ কৰিছে। শোনিতপুৰ জিলাৰ অসম অৰুনাচল সীমান্তবৰ্তী অঞ্চলটোত যোৱা কিছুদিন ধৰি চাৰি পাঁচ জনীয়া বনৰীয়া হাতীৰ জাক এটাই বনবিভাগৰ লগতে স্থানীয় ৰাইজক বিপাঙত পেলাইছে ৷ অঞ্চলটোত ঘৰচীয়া জীৱ জন্তুৰ বৰ্তামান সংশয় মুক্ত ভাবে বিচৰন কৰিবলৈ ভয়ংকৰ পৰিস্থিতি হৈ পৰিছে। হাতীৰ জাকটোৱে খেতি পথাৰকে ধৰি কেইবাটাও ঘৰ ভঙি ত্ৰাসৰ সৃষ্টি কৰিছে ৷বনাঞ্চলত খাদ্যৰ নাটনিৰ ফলত খাদ্যৰ সন্ধানত সোনাই ৰুপায় অভয়াৰন্যৰ পৰা জাকে জাকে বন্য হস্তী জনাঞ্চলত প্ৰবেশ কৰাক লৈ উদিগ্ন হৈ পৰিছে সাধাৰন ৰাইজ। সামান্তৰাল ভাবে পশ্চিম শোনিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী সঞ্জীৱ কোৱৰৰ লগতে ৱাইল্ড লাইফ ৱাৰডেন সৌৰভ বৰকটকীৰ তৎপৰতাত নিতৌ দুবাৰকৈ জনাঞ্চলৰ পৰা অৰন্যলৈ উভতাই পথাই ৷