ৰঙিয়া,১২ এপ্ৰিলঃ ৰঙালী বিহুৰ উদযাপক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক আয়োজন চলি থকাৰ সময়তে বিহুৰ আনন্দ উৎসাহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৰঙিয়াৰ এ’পল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল৷ বিগত ২৭ বছৰে মিলটোত কৰ্মৰত কৰ্মচাৰীসকলে সুদীৰ্ঘ ৯ মাহ ধৰি দৰমহা পৰা বঞ্চিত হৈ বিহুৰ আনন্দ-উৎসাহৰ বিপৰীতে জীৱন নিৰ্বাহৰ কথা চিন্তা কৰিবলগীয়া হৈছে৷ জীৱনৰ তাড়নাত এইসকল কৰ্মচাৰীয়ে লাজ-মান কাটি বিনাদিৰ্দ্ধাই যিকোনো কাম কৰিবলৈ বাধ্য হৈছে৷ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে মিলটোৰ কৰ্মচাৰীসকলৰ কোনোৱে দিন হাজিৰা কৰিছে, কোনোৱে আকৌ ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰিছে, আন কোনোৱে মেকানিকৰ কাম কৰিবলগীয়া হৈছে৷ সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰখনে ৰঙিয়াৰ তুলসীবাৰীত থকা ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এ’প্ৰলক পুনৰ উজ্জীৱিত কৰা হ’ব বুলি কেইবাবাৰো ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছে যদিও বৰ্তমানলৈ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ৰঙিয়াৰ এ’পল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকল প্ৰশ্ন, নমামী উৎসৱৰ নামত ৪০ কোটি খৰচ কৰিব পৰা চৰকাৰখনে ৭০০ শ্ৰমিক-কৰ্মচাৰী জীৱনৰ তাড়নাত বস্ত্ৰ উদ্যোগটোক পুনৰজ্জীৱিত কৰাত ইমান অৱহেলা কিয়?