গুৱাহাটী 

৬ মাৰ্চ

আগন্তুক অসম বিধানসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে নিৰ্বাচন আয়োগে।ৰাজ্যৰ তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে মনােনয়ন পত্র দাখিলৰ অন্তিম তাৰিখ ১২ মার্চ ধার্য কৰা হৈছে। ১৫ মার্চত মনােনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ১৭ মার্চত মনােনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে।

দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগা ৩৯ টা বিধানসভা সমষ্টিত অহা ১ এপ্রিলত ভােট গ্রহণ অনুষ্ঠিত কৰা হ’ব। উল্লেখযােগ্য যে এইবাৰৰ নিৰ্বাচনত দিব্যাংগ, ৮০ বছৰৰ উৰ্দ্ধৰ বয়ােজ্যেষ্ঠ নাগৰিক আৰু কভিড-১৯ সন্দেহযুক্ত বা আক্রান্তসকলৰ বাবেও পােষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা সম্পূৰ্ণৰূপে বৈকল্পিক তেনে ভােটাৰসকলে যদি ভােট কেন্দ্ৰলৈ আহি ভােট দান কৰিব বিচাৰে, তেনেহ’লে তেওঁলােকক পূর্ণ সুবিধা প্রদান কৰা হ’ব। একোজন যােগ্য আগ্রহী ভােটাৰে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাঁচ দিনৰ ভিতৰত পােষ্টেল বেলটৰ বাবে আবেদন কৰিব পাৰে। এই অনুসৰি দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত পােষ্টেল বেলটৰ সুবিধা ল’ব খােজা ভােটাৰসকলে প্রপত্র নং ১২ (ডি) পুৰণ কৰি অহা ৯ মাৰ্চৰ ভিতৰত আবেদন কৰিব পাৰিব। বুথ পর্যায়ৰ বিষয়াসকলে তেনে প্রতিজন ভােটাৰৰ ঘৰলৈ গৈ পত্র নং ১২ (ডি) বিতৰণ কৰিব আৰু ৯ মাৰ্চৰ ভিতৰত সংগ্রহ কৰিব। ইফালে অসমত মুক্ত, নিকা আৰু আৰু নিৰাপদ নির্বাচন অনুষ্ঠিত কৰাৰ অংশ হিচাপে আয়কৰ বিভাগে অহা ৬ এপ্রিললৈকে কার্যকৰী হােৱাকৈ গুৱাহাটীত এটা ২৪ ঘন্টীয়া নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে। এই নিয়ন্ত্রণ কক্ষৰ জৰিয়তে আসন্ন অসম বিধান সভাৰ নির্বাচনী প্রক্রিয়াত ক’লা টকাৰ ব্যৱহাৰ আৰু কোনাে লােক বা ৰাজনৈতিক দলে ধনৰ প্রলােভন দিয়াটো প্ৰতিৰােধ কৰিবলৈ বিচৰা হৈছে।

যিকোনাে সচেতন লােকে ধনৰ লেন-দেন বা মূল্যবান সম্পদৰ সৰবৰাহৰ ক্ষেত্ৰত এই নিয়ন্ত্রণ কক্ষলৈ ফোন কৰি বা হােৱাটছএপ যােগে মেছেজ কৰি অথবা মেইল কৰিও অভিযােগ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে ট’ল ফ্রি নম্বৰ হ’ল–১৮০০-৩৪৫-৩৫৮২, হােৱাটছএপ নম্বৰ—৯৪৩৫১১৪৪৯৫ আৰু মেইল আই ডিটো হ’ল—[email protected], মুক্ত নিকা আৰু নিৰাপদ নির্বাচন অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত সকলাে লােকে এই সুবিধা গ্রহণ কৰিব পাৰে।