কুন্দন ভৰালী

নগাঁও

৬ মাৰ্চ

বিজেপি দলৰ চুড়ান্ত প্ৰাৰ্থীৰ তালিকাত নগাঁও সদৰ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা ৰূপক শৰ্মাক বিপুল আদৰণি সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকৰ। নগাঁৱৰ ডিমৌ চাৰিআলিৰ পৰা বাইক ৰেলী কৰি ৰূপক শৰ্মাক আদৰি আনিলে দলীয় কর্মী আৰু সমৰ্থক সকলে।

বিজেপি সমৰ্থক সকলে বিজেপি জিন্দাবাদ, ৰূপক শৰ্মা জিন্দাবাদ, পুনৰ অসমত বিজেপি চৰকাৰ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। নগাঁও সদৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ফুলৰ মালা, ফুলাম গামোছাৰে আদৰণি জনায় সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সমৰ্থক সকলে। ইফালে বিজেপিৰ টিকটৰ পৰা বঞ্চিত জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ বাবেই ৰূপক শৰ্মা ৰাজনীতিলৈ আহিলে বুলি স্বীকাৰ কৰে নগাঁও সদৰ সমষ্টিৰ বর্তমানৰ বিধায়ক ৰূপক শৰ্মাই।

ইফালে ৰূপহীহাট সমষ্টিৰ পৰা বিজেপিৰ টিকট লাভ কৰা নাজিৰ হুছেইনেও গুৱাহাটীৰ পৰা গৃহ সমষ্টি অভিমূখী বাটত জনাই যে, কংগ্ৰেছৰ নৰুল হুদা এইবাৰ ৰূপহীহাট সমষ্টিত ধূলিস্যাৎ হ’ব। অগপৰ শক্তি ৰূপহীহাট দুৰ্বল হোৱাৰ বাবেই প্ৰাৰ্থীত্ব বিজেপিক প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে নাজিৰ হুছেইনে। ৰূপহীহাটৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি সকলোৱে এতিয়া একত্ৰিত হৈ কংগ্ৰেছ ৰোধৰ প্ৰচেষ্টা কৰিব বুলিও মন্তব্য কৰে নাজিৰ হুছেইনে।