কুন্দন ভৰালী

নগাঁও

২৮ ছেপ্টেম্বৰ

দৰিদ্ৰতাৰ বাবে এগৰাকী পিতৃয়ে বিক্ৰী কৰিলে কন্যাক। ডিমাপুৰৰ পৰা উদ্ধাৰ কৰা হ’ল দুৰ্ভগীয়া যুৱতী গৰাকীক। যোৰহাটৰ যুৱতী গৰাকী বৰ্তমান নগাঁৱত আশ্ৰয়দান।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বেটি বচাও বেটি পঢ়াও’ শ্ল’গান অসাৰ এতিয়া অসমত। ‘বেটি বচাও বেটি পঢ়াও’ শ্ল’গান বাস্তৱ ক্ষেত্ৰত কিন্তু কিমান কাৰ্যকৰী হৈছে ইয়াৰ জলন্ত উদাহৰণ দেখিবলৈ পোৱা গ’ল এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীৰ ক্ষেত্ৰত। যোৰহাট জিলাৰ পুলিবাগান অঞ্চলৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীক পিতৃয়ে টকাৰ বাবে বিক্ৰী কৰিলে। প্ৰায় এবছৰ বছৰৰৰ পূৰ্বে দৰিদ্ৰ পিতৃয়ে টকাৰ বিনিময়ত যুৱতী গৰাকীক বিক্ৰী কৰিছিল ডিমাপুৰৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত। দৰিদ্ৰতাৰ সৈতে যুঁজিব নোৱাৰি নিজ পিতৃয়েই অসাধু চক্ৰৰ হাতত বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ২২ বছৰীয়া যুৱতী গৰাকীক। বৰ্তমান এইগৰাকী দুৰ্ভগীয়া যুৱতী নগাঁৱৰ ৰাজ্যিক শিশু আৰু নাৰীগৃহৰ আলহী। অসাধু চক্ৰৰ পৰা এবছৰৰ অন্তত পলাই আহিবলৈ সক্ষম হোৱা এই যুৱতী গৰাকীক ডিমাপুৰৰ আৰক্ষীয়ে বাটত ঘূৰি-ফুৰা থকা অৱস্থাত উদ্ধাৰ কৰি গটাই দিছিল কাৰ্বি আংলং আৰক্ষীৰ হাতত। ইয়াৰ পিছতে কাৰ্বি আংলং আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পিছত এই যুৱতী গৰাকীৰ বৰ্তমানৰ ঠিকনা হৈছে নগাঁৱৰ ৰাজ্যিক শিশু আৰু নাৰীগৃহ ।

ডিমাপুৰৰ অসাধু চক্ৰৰ হাতত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ জীৱনৰ ছন্দ হেৰুৱাই পেলোৱা এই যুৱতী গৰাকীৰ বাবে দৰিদ্ৰতা আৰু পাষাণ পিতৃৰ অৰ্থলিপ্সাই অভিশাপ হৈ ৰ’ল।