কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ উত্তৰ-পুৱ সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত ফকিৰাগ্ৰাম জংচনৰ ৰে’ল সুৰক্ষা বাহিনীৰ সভাগৃহত বৃহস্পতিবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ সচৰা’চৰ ৰে’লত সংঘটিত হৈ থকা অপৰাধ প্ৰতিৰোধৰ ওপৰত অনুষ্ঠিত হোৱা সজাগতা সভাখন পৰিচালনা কৰে জিলা গাঁও ৰক্ষী বাহিনীৰ অধ্যক্ষ আব্দুল বাৰেক আহমেদে৷ সভাত অতিথিৰ ৰূপত অংশগ্ৰহন কৰে ফকিৰাগ্ৰাম ৰে’লৱে প্ৰৱন্ধক কে বসুমাতাৰী, ৰে’লৱে সুৰক্ষা বাহিনীৰ সহকাৰী পৰিদৰ্শক বদৰে আলম খান, জিআৰপি’ৰ ভাৰপ্ৰাপ্ত বিষয়া উমা কান্ত ৰামচিয়াৰী, ফকিৰাগ্ৰাম আৰক্ষী চকীৰ বিষয়া যোগেন আবাং, ডোপেৰতল গাঁও ৰক্ষী বাহিনীৰ সম্পাদক ৰুবেন দে। সজাগতা সভাখনত ৰেল বিভাগৰ কেইবাগৰাকী মুৰব্বী, বিষয়া কৰ্মচাৰী, কুলি, ৰে’লৱে হোকাৰ আৰু অঞ্চলটোৰ বুদ্ধিজীৱি সকলো উপস্থিত থাকে৷ সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিআৰপি’ৰ ভাৰপ্ৰাপ্ত বিষয়া উমা কান্ত ৰামচিয়াৰীয়ে৷ জিআৰপি’ৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সচ’ৰাচৰ ৰে’লত শিশু আৰু মহিলাৰ ওপৰত সংঘটিত হৈ থকা বিভিন্ন প্ৰকাৰৰ অপৰাধমূলক ঘটনাৰ আলোচনা কৰে৷ ৰে’লৱে অধীক্ষকসহ জিআৰপি, ৰে’ল আৰক্ষী বিষয়া সকলেও ৰে’লত সংঘটিত হোৱা অপৰাধ মূলক ঘটনা প্ৰতিৰোধৰ ওপৰত বক্তব্য প্ৰদান কৰি সুৰক্ষিত আৰু নিৰাপদ যাত্ৰাত সমস্যাৰ সৃষ্টি হলে, যাত্ৰীৰ ওপৰত অপৰাধ সংঘটিত হোৱাৰ খবৰ পালে ৰে’ল আৰক্ষী, ষ্টেচন অধীক্ষক, জিআৰপি সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়৷ ৰে’লত যাত্ৰা সকলো যাত্ৰীৰ ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ ওপৰত তীক্ষ্ণ নজৰ দিয়াৰ বাবেও সকলোকে আহ্বান জনায়৷