মৰিগাঁও,৩০ এপ্ৰিলঃ  মৰিগাঁও জিলাৰ বৰো ধানৰ থোকত ধানৰ পৰিৱৰ্তে পতান হোৱাত মুৰে কপালে হাত দিছে কৃষকে। গাঁঠিৰ ধন ভাঙি অধিক পৰিশ্ৰম কৰি কৰা খেতি-পথাৰত ধানৰ পৰিৱৰ্তে পতান হোৱাত কৃষকৰ দুখে কুলাই-পাচি নধৰা হৈছে। জিলাখনৰ বৰচিলা কহুৱা আটি, কুজি সত্ৰ শিলপুখুৰী গোসাই খণ্ডা আদি অঞ্চলৰ কৃষকৰ পথাৰত অধিক উৎপাদনক্ষম বৰোধান খেতিত দেখা দিয়া ধানৰ পৰিবৰ্তে পতান হোৱা সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে এই ভয়াবহ সমস্যা কিয় হৈছে আৰু আগলৈ যাতে এই সমস্যা যাতে নহয় সেই বিষয়ে কৃষকক বুজাই দিয়াৰ উদেশ্যে মৰিগাঁও জিলা কৃষি বিভাগৰ অধীনৰ মিকিৰ ভেটা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অভিজিৎ শৰ্মা, কৃষি সম্প্ৰসাৰণ কৰ্মী আবুল হুচেইন, দিনেশ পাতৰৰ উপস্থিতিত এক প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰায় ৫০ জন কৃষকে অংশ লোৱা প্ৰশিক্ষণৰ পিছত ধানৰ পৰিৱৰ্তে পতান হোৱা পথাৰত উপস্থিত হৈ গাঁঠিৰ ধন ভাঙি হাৰ ভঙা পৰিশ্ৰম কৰা খেতি পথাৰত উপস্থিত হৈ কৃষকৰ দুখৰ বুজ লয়। প্ৰশিক্ষণ কালত কৃষক সকলৰ এই বৃহৎ লোকচানৰ বাবে ক্ষতি পুৰণৰ ব্যৱস্থা কৰিব লাগে বুলি সকলোৱে একে মুখে দাবী তুলিছে।