পানীখাইটি, ৩০ এপ্ৰিলঃ মঙ্গলমূৰ্তি সিদ্ধিবিনায়ক গণেশ বাবাৰ আৱিৰ্ভাৱ পানীখাইটিৰ হাতিশীলাত৷ ঐতিহাসিক গণেশ মন্দিৰলৈ আগমণ গণেশ বাবাৰ বাহন বগা এন্দুৰৰ৷ মন্দিৰটোত বগা এন্দুৰৰ আগমনত ধৰ্মপ্ৰাণ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ বগা এন্দুৰৰ ৰূপত গণেশ বাবাৰ আগমন হোৱা বুলি বিশ্বাস ভক্তপ্ৰাণ লোকৰ৷ পুৱা মন্দিৰ প্ৰাংগণত কেইবাটাও বগা এন্দুৰ প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ মন্দিৰ স্থাপন হোৱাৰ দিন ধৰি কেতিয়াও দেখা নাছিল গণেশ বাবাৰ বাহন বগা এন্দুৰ৷ মন্দিৰ প্ৰাংগণত বগা এন্দুৰ দেখি উৎফুল্লিত হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ৷ লোকবিশ্বাস মন্দিৰটোত জিৰণি লৈছে গণেশ বাবাই৷ প্ৰকৃততে, এইয়া লোক বিশ্বাস নে ইয়াৰ অন্তৰালত কোনো কাৰণ জড়িত আছে৷ হঠাৎ মন্দিৰ প্ৰাংগণত ক’ৰ পৰা আবিৰ্ভাৱ হ’ল বগা এন্দুৰৰ৷ সঁচাকৈয়ে হাতিশীলাৰ গণেশ মন্দিৰত জিৰণি লৈছে নেকি গণেশ বাবাই৷