কলগাছিয়া, সংবাদ ৩৬৫,১০ এপ্ৰিল : হিমন্ত বিশ্ব শৰ্মাৰ আনুগত্য সদস্য এতিয়াও এ আই চি চি কংগ্ৰেছত আছে । হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা বিজেপিত গুচি গলেও এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ ঠাৰত এ আই চি চি নাচে । প্ৰাৰ্থী আব্দুল খালেক আৰু আবু তাহেৰ বেপাৰীৰ টিকটৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ৮ কোটি টকা খৰচ হৈছে ।

কংগ্ৰেছত বিজেপিৰ বি টীম থকা বুলি তৰুণ গগৈয়েও স্বীকাৰ কৰিছে । কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত মিলা – মিলিকৈ প্ৰাৰ্থী দিয়াৰ কথাকৈ উজনিৰ মনোনয়ন শেষ হোৱাৰ পিছত নামনিত এ আই ইউ ডি এফৰ লগত বেইমানী কৰিলে । নামনিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰ লক্ষ্য এ আই ইউ ডি এফক শেষ কৰি বিজেপি ক জিকিবলৈ দিয়া । কলগাছিয়াত মঙ্গলবাৰে সন্ধিয়া এ আই ইউ ডি এফৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এইদৰে বক্তব্য ৰাখে ।

বৰপেটাৰ প্ৰাৰ্থী ডক্টৰ হাফিজ ৰফিকুল ইছলামে মোদী চৰকাৰক তুলাধূনা দি কেৱৰ বিৰুদ্ধে অসমৰ জনগনক ভোট দান কৰিবলৈ আহব্বান জনায় ।

আনহাতে,বিশ্বনাথত সংঘটিত অমানবীয় কাণ্ডৰ তীব্ৰ নিন্দা জনাই ১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায় ।