ৰূপহীহাট, সংবাদ ৩৬৫, ৯ এপ্ৰিল : প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে খ্যাত চামগুৰিৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ বিৰোধী প্ৰচাৰ চলালে ৰকিবুল হুছেইনৰ ভিনিহিয়েক সংখ্যালঘু নেতা নজৰুল ইছলামে। বিগত দুটাকৈ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি বঞ্চিত হোৱা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নজৰুল ইছলামে ২৯ মাৰ্চত কংগ্ৰেছ ত্যাগ কৰি অগপ দলত যোগদান কৰিয়েই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।

বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলোৱা নজৰুল ইছলামে এইবাৰ কংগ্ৰেছ বিৰোধী প্ৰচাৰ তীব্রতৰ কৰি তোলাত আউল লাগিছে কংগ্ৰেছৰ ভোট বেংকত। ৰূপহীহাটত প্ৰতিদিনেই ছয় সাতখনকৈ সভা অনুষ্ঠিত কৰি মণি মাধৱ মহন্তৰ হৈ ভোট বিচাৰিছে অগপত যোগদান কৰে নেতাগৰিকীয়ে।

ৰূপহীহাটত ইতিমধ্যেই কৰ্মী সমৰ্থকক একত্ৰিত কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন আমছু নেতাগৰাকীয়ে সোমবাৰে নিশা পৰ্য্যন্ত মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলালে ৰকিবুল হুছেইনৰ চামগুৰিত।

সোমবাৰে চামগুৰিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়ত চামগুৰিৰ বালিকা, শিঙিমাৰী, কাঠপৰা, ভাটিয়াখালি, কাৱৈমাৰী, কাছমাৰী, শৌলমাৰী আদি অঞ্চলত গৌৰৱৰ বিৰুদ্ধে মণি মাধৱ মহন্তক ভোট দিবলৈ আহ্বান জনায় খোদ ৰকিবুল হুছেইনৰ ভিনিহিয়েক নজৰুল ইছলামে।

উল্লেখ্য যে প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া কলিয়াবৰ লোকসভা সমষ্টিত মঙ্গলবাৰে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। অন্তিম সময় পৰ্য্যন্ত ৰোড শ্বো, প্ৰচাৰ সভা, অনুষ্ঠিত কৰি কংগ্ৰেছ, অগপ, বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ।