কলগাছিয়া, সংবাদ৩৬৫ , ১০ এপ্ৰিল : যোৱা ৭ এপ্ৰিলত বিশ্ব নাথ চাৰিআলিত এগৰাকী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক কেইজনমান দুষ্কৃতিকাৰীয়ে বলপূৰ্বক ভাৱে গাহৰিৰ মাংস খোৱাই দিয়াৰ লগতে গুৰুতৰ ভাৱে শাৰিৰীক প্ৰহাৰ কৰাত তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিয়ে।

এই ক্ষেত্ৰত দীৰ্ঘ সময় পাৰ হৈ যোৱাৰ পাছতো অসমৰ গৃহ বিভাগ তথা বিশ্ব নাথ পুলিচ প্ৰশাসনে দোষীৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত মঙ্গলবাৰে বৰপেটা জিলাৰ জনীয়া তিনিআলিত অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যৰে পৰিবেশ অস্থিৰ কৰি ৰখা ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

পুত্তলিকা দাহ কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী, সম্পাদক খন্দঃ ৰাকিবুল ইছলাম আৰু জনীয়া গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম খানে পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে বিজেপি চৰকাৰে আৰ এছ এছ আৰু উগ্ৰ হিন্দুত্ববাদীৰ একাংশ দুষ্কৃতি কাৰীৰ জৰিয়তে ৰাজ্যত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাৱে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক দণ্ড লগাবলৈ এনে নিন্দনীয় কাণ্ড সংঘটিত কৰিছে ।

পৰিষদে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে। অন্যথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা-কৰ্মীয়ে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আন্দোলনত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেন্তে অসম চৰকাৰ জগৰীয়া হ’ব বুলিও প্ৰকাশ কৰে।

পুত্তলিকা দাহ কৰা মূহুৰ্তত সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,সাম্প্ৰদায়িক বিষবাষ্পৰ বিয়পোৱা বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, দেশৰ শান্তি লাগে শান্তি দিয়ক, সাম্প্ৰদায়িক শক্তি নিপাত যাওক, সংখ্যালঘু সংগ্ৰাম পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে জনীয়াৰ পৰিবেশ উত্তাল কৰি তোলে।