ধুবুৰী,  সংবাদ ৩৬৫, ১৪ এপ্ৰিলঃ ধুবুৰী চহৰৰ মাজ মজিয়াত চুৰৰ চাফাই অভিযান। আৰক্ষীয়ে নিদ্ৰাত ব্যস্ত থকাৰ সময়তে চহৰখনৰ পাঁচখনকৈ দোকানত চুৰে লুটপাত চলোৱাৰ ঘটনাই চহৰখনত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। শুক্ৰবাৰে নিশাৰ ধুবুৰী আৰক্ষী নিদ্ৰাত ব্যস্ত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি ধুবুৰীৰ চহৰৰ ৫ নং ওৰ্ৱাডৰ ইউনাইটেড বেংকৰ সন্মুখত পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ তলা ভাঙি চুৰে নগত টকা আৰু সা সামগ্ৰী‌ লুটি লৈ যায়। গৌৰ কুন্ডু, সুকুমাৰ কুন্ডু, চুলতান সেখ আৰু প্ৰাণ কৃষ্ণ ঘোসৰ গেলামাল, চাউল আৰু স্টেসনাৰী দোকানত চুৰে নিশা চাফাই অভিযান চলাই লুটি নিয়ে লক্ষাধিক টকাসহ সা সামগ্ৰী‌। আৰক্ষীয়ে চুৰিৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ তদণ্ডত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, নিশাৰ ভাগত ধুবুৰী আৰক্ষীয়ে কোনো পহৰাৰ ব্যৱস্থা নকৰাৰ ফলতে চহৰ খনত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ধুবুৰী চহৰৰ ব্যৱসায়ী সকলে। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আৰম্ভৱনীতেই ধুবুৰী চহৰৰ মাজমজীয়াত সংসঠিত হোৱা এই চুৰি কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।