ধূপধৰা, সংবাদ ৩৬৫, ১৪ এপ্ৰিলঃ  গোৱালপাৰা জিলাৰ ধূপধৰাত শনিবাৰে পুৱা  ধাৰাষাৰ বৰষুণৰ মাজতে অহা বজ্ৰপাতত এগৰাকী মহিলা থিতাতে নিহত হয়। জানিব পৰা মতে ধূপধৰাত শনিবাৰে পুৱা পথাৰত মাছ মাৰি থাকোতেই বজ্ৰ পৰি এগৰাকী মহিলা নিহত হয়। নিহত মহিলা গৰাকী ধূপধৰাৰ দীঘলী প্ৰথম খণ্ডৰ নিৱাসী কবিতা দৈমাৰী বুলি চিনাক্ত কৰা হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণৰ লগতে শিলাবৃষ্টি হৈ থকাৰ ফলত ব্যাপক ক্ষতি সাধন হৈছে। বিভিন্ন অঞ্চলত ধুমুহাই বহু লোকৰ ঘৰ ভাঙি পেলাইছে। শুক্ৰবাৰে হোজাইত প্ৰায় আধা ঘন্টা ধৰি শিলাবৃষ্টি হোৱাৰ ফলত বৰফৰে ভৰি পৰিছিল হোজাইৰ ৰাজপথ।