অলি উল্লাহ খান
লাহৰীঘাট
২১ অক্টোবৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তত প্ৰতিবাদ। পঞ্চায়তটোত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী কৰিলে স্বয়ং সভানেত্ৰীয়ে। নিজৰ বিৰুদ্ধে উথাপিত হোৱা দুৰ্নীতিৰ তদন্ত নিজেই বিচাৰিলে সভানেত্ৰীয়ে।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে পঞ্চায়টোত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। নগাবন্ধা পঞ্চায়তৰ এজন ৱাৰ্ড সদস্যই নগাবন্ধা পঞ্চায়ত সভানেত্ৰীয়ে চতুৰ্দশ বিত্তিয় আয়োগৰ ধনেৰে নগাবন্ধা খেল পথাৰত নিৰ্মিত হ’ব লগা এটা গেলেৰিৰ কাম নকৰাকৈ আঁচনিৰ সমুদায় ধন আত্মসাৎ কৰা বুলি অভিযোগ কৰিছিল। পঞ্চায়টোৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ উথাপিত হোৱাৰ পিছতে পঞ্চায়তটোত সৃষ্টি হৈছে কপনিৰ। পঞ্চায়তটোৰ সভানেত্ৰী গৰাকীয়ে পঞ্চায়তবাসীক পঞ্চায়তলৈ মাতি আনি দেখুৱালে আঁচনিৰ নথি পত্ৰ আৰু বেংকৰ পাছবুক কপি। সভানেত্ৰীয়ে দাখিল কৰা তথ্য দেখি অবাক হৈ পৰিল পঞ্চায়তবাসী। আঁচনিৰ নামত আৱন্তিত সমুদাই দুই লাখ টকা নিৰ্মাণ সমিতিৰ পাছবুকতে আছে। দুৰ্নীতিৰ অভিযোগৰ প্ৰকৃত তথ্য ৰাইজে আগত প্ৰকাশ পোৱাৰ পিছতে পঞ্চায়ত কাৰ্যালয়ত ৰাইজে মিছা অভিযোগকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ৰাজনৈতিক ষড়যন্ত্ৰ নচলিব, আমাক উন্নয়ন লাগে, মিছা অভিযোগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। জানিবলৈ পোৱা মতে অভিযোগকাৰী ৱাৰ্ড সদস্য গৰাকীৰ অৰ্ধনিৰ্মিত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেই সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। সম্প্ৰতি সভানেত্ৰী গৰাকীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি ৱাৰ্ভ সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলিও জানিব পৰা গৈছে।