নেকিব আহমেদ

যোৰহাট

৩০ মে’

ৰাজ্যৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে বৃহৎ সাফল্য লাভ পৰা পৰিলক্ষিত হৈছে। উজনিৰ পৰা নামনিলৈকে চলা এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে জালত পৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্য অন্যান্য প্ৰান্তৰ আৰক্ষীৰ লগতে যোৰহাট জিলা আৰক্ষীও ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। শনিবাৰে যোৰহাট জিলাৰ বড়িগাঁও অঞ্চলত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

যোৰহাট জিলাৰ ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত বৰিগাঁৱৰ জনাৰ্দ্দন দাসৰ ঘৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছ ভৰ্তি ১১ টাকৈ কন্টেইনাৰ। দণ্ডাধীশৰ উপস্থিতিত যোৰহাট আৰক্ষীয়ে বৰিগাঁৱৰ জনাৰ্দ্দন দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰৰ পৰা ড্ৰাগছখিনি জব্দ কৰে।

আৰক্ষীয়ে ইতিমধ্যে জনাৰ্দ্দন দাস আৰু দেবা দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিছে। যোৰহাট আৰক্ষীয়ে ইতিমধ্যে জিলাখনৰ বহু অঞ্চলত ড্ৰাগছৰ ঘাটি থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু অভিযান অব্যাহত ৰাখিছে। বৰিগাঁৱৰ স্থানীয় ৰাইজে জনোৱা মতে অঞ্চলটোৰ আৰু বহু ঠাইত চলি আছে ড্ৰাগছৰ বেহা।