নগাঁও 

১৩ মে’

নগাঁও জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। নগাঁৱত বজ্ৰপাতৰ ফলত ২০ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সন্দেহ। ইতিমধ্যে উদ্ধাৰ হৈছে ৪ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দেশজুৰি মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে নগাঁও জিলাৰ বঢ়হমপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। বঢ়হমপুৰৰ বামুনী পাহাৰৰ দুৰ্গম অঞ্চলত বজ্ৰপাতৰ ফলত মৃত্যুৰ মুখত পৰিছে এটা বনৰীয়া হাতীৰ জাক।

বজ্ৰপাতৰ ফলত প্ৰায় ২০ টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে বনৰীয়া হাতীৰ জাকটোত থকা ৪ টাকৈ হাতীৰ মৃতদেহ উদ্ধাৰ হৈছে। পাহাৰৰ দুৰ্গম অঞ্চলত আৰু বহু বনৰীয়া হাতীৰ মৃতদেহ থকা বুলি জানিব পৰা গৈছে।

বন বিভাগৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটোৰ মৃতদেহৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। বৃহস্পতিবাৰে বিয়লি ভাগত বামুনী পাহাৰৰ স্থানীয় কিছুমান লোকে বনৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিছিল।

বনৰীয়া হাতীৰ জাকটোৰ মৃত্যু হোৱা অঞ্চলটো অতিকৈ দুৰ্গম হোৱাৰ বাবে বন বিভাগৰ লোক হাতী কেইটাৰ মৃতদেহ উদ্ধাৰ অভিযান চলাবলৈ যাওঁতে বহু অসুবিধাৰ সন্মুখীন হৈছে। বজ্ৰপাতৰ ফলত বনৰীয়া হাতী কেইটাৰ মৃত্যু হোৱা বুলি প্ৰাথমিক অনুসন্ধানত জানিব পৰা গৈছে যদিও বন বিভাগৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।