ৰঙিয়া

১২ মে’

ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাস্পতালৰ পৰা এজন ক’ভিড ৰোগীৰ পলায়নক লৈ ৰঙিয়াত সৃষ্টি হৈছে চাঞ্চল্য। স্বাস্থ্য বিভাগৰ দলে ক’ভিড ৰোগী জনক উদ্ধাৰ কৰি পুনৰ ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰে।

ৰাজ্যত ক্ৰমাৎ ভয়াবহ দিশে গতি কৰিছে ক’ভিড পৰিস্থিতি। প্ৰতিদিনে ৰাজ্যত ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। চৰকাৰ, প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে দিনে-নিশাই ক’ভিড পৰিস্থিতিৰ লগত যুঁজ অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে কিছুমান ক’ভিড আক্রান্ত ৰোগীয়ে স্বাস্থ্য কেন্দ্ৰৰ পৰা পলায়ন কৰি চৰকাৰ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সমস্যা দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। তেনে এক অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াত। ৰঙিয়াৰ কৰ্টাখাটত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে এজন ক’ভিড ৰোগীয়ে।

ৰঙিয়াৰ মিলনপুৰৰ ৰবিন কলিতা নামৰ এজন ৭৫ বছৰীয়া ক’ভিড আক্রান্ত ৰোগী মঙলাবাৰে হাজোৰ কলিতাকুছি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰে। ক’ভিড চিকিৎসালয়ৰ পৰা ৰবিন কলিতাই পলায়ন কৰাত সৃষ্টি হৈছিল চাঞ্চল্যৰ। কলিতাকুছি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, কৰ্মচাৰী আৰু ৰবিন কলিতাৰ পৰিয়াল লোকে বহু চেষ্টা কৰিও সন্ধান উলিয়াব পৰা নাছিল ৰবিন কলিতাৰ।

অৱশেষত বুধবাৰে ক’ভিড হাস্পতালৰ পৰা পলায়ন কৰা ৰবিন কলিতাক কৰ্টাখাটত উদ্ধাৰ কৰে একাংশ স্থানীয় ৰাইজে। ৰাইজে আৰক্ষী-প্ৰশাসন আৰু স্বাস্থ্য বিভাগক ৰবিন কলিতাৰ সন্ধান লাভ কৰা বুলি অৱগত কৰাত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে স্বাস্থ্য বিভাগৰ দলে পুনৰ ক’ভিড আক্ৰান্ত ৰোগী ৰবিন কলিতাক উদ্ধাৰ কৰি হাজোৰ কলিতাকুছি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।