আজিজ আলী

নলবাৰী

১১ মাৰ্চ

ভাৰতীয় জতীয় কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট বন্ধনৰ নলবাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই নলবাৰীত দাখিল কৰিলে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ প্ৰদ্যুৎ কুমাৰ ভূঞাই নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে।

সমাগত অসম বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। ইতিমধ্যে ৰাজনৈতিক দল সমূহে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ ঘোষণা কৰিছে নিজ নিজ প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ নিজ নিজ শক্তি প্ৰদৰ্শন কৰাও পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীত্ব লাভ কৰা কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই। নলবাৰী জিলা ৰাজীৱ ভৱনৰ পৰা হাজাৰ হাজাৰ দলীয় কর্মী আৰু সমৰ্থক সকলক লগত লৈ এক বিশাল সমদল উলিয়াই প্ৰদ্যুৎ কুমাৰ ভূঞাই নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।মনোনয়ন দাখিলৰ সময়ত প্ৰদ্যুৎ কুমাৰ ভূঞাৰ লগত উপস্থিত থাকে বিপিএফ দলৰ সাধাৰন সম্পাদক প্ৰবীন বড়ো, চিপিআই (এম) দলৰ নেতা ৰবীন মিশ্ৰ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে কংগ্ৰেছৰ দলৰ বহু নেতা-কৰ্মী।

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে বিজেপিক আক্ৰমণ চলাই কয় যে বিগত পাঁচ বছৰে শাসন কৰা বিজেপি দলটোৱে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ পালন নকৰিলে। প্ৰদ্যুৎ কুমাৰ ভূঞাই এইবাৰ বিপুল সংখ্যক ভোটেৰে নিৰ্বাচনত জয় হ’ব বুলি কংগ্ৰেছ দলৰ একাংশ কৰ্মীয়ে দাবী কৰে। ৰাজ্যত কংগ্ৰেছৰ মহাজোঁট চৰকাৰ গঠন হ’ব বুলিও কংগ্ৰেছ দলৰ সমৰ্থক সকলে দাবী জনায়।