কুন্দন ভৰালী

নগাঁও

২৮ জানুৱাৰী

পুত্ৰ সন্তানক এৰি মাতৃ পলাই গ’ল অন্য যুৱকৰ সৈতে। নগাঁৱত এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গ’ল অন্য যুৱকলৈ। মাতৃক ঘুৰি আহিবলৈ আকুল আহ্বান দেৱশিশুৰ।

বিজ্ঞান প্রযুক্তি বিদ্যাৰ যুগত মবাইল ফোন খুবেই জৰুৰী কিন্তু এই মবাইল ফোনৰ জৰিয়তে ধ্বংসৰ গৰাহত সোমাই পৰিছে একাংশ নৱপ্ৰজন্ম। বাদ পৰি থকা নাই জীয়ৰী-বোৱাৰীও। একাংশই সামাজিক মাধ্যমৰ যোগেদি কৰা নিৰ্লজ্জ কৰ্ম কাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক। তেনে এক নির্লজ ঘটনা সংঘটিত হৈছে নগাঁৱৰ ধিংত। মাতৃ মমতা ময়ী কিন্তু এগৰাকী মাতৃৰ নির্লজ কাণ্ডই কলংকিত কৰিছে মাতৃ মমতাক। এগৰাকী মহিলাই ‘মা’ শব্দত কালিমা সানিছে। লজ্জানত হৈছে নাৰী সমাজ। ধিংত এগৰাকী বোৱাৰীয়ে তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি পলাই গ’ল সিদ্ধাৰ্থ বৰা নামৰ এজন যুৱকলৈ। বোৱাৰী গৰালীয়ে লৈ গ’ল নগদ ধনৰ লগতে সোনৰ আ-অলংকাৰ। যোৱা ৯ জানুৱাৰীত পলাই যোৱা মাতৃক বিচাৰি এতিয়া হাহাকাৰ কৰিছে কণমানি পুত্ৰ সন্তানে। দেৱশিশুটিৰ আহ্বান ‘মা’ তোমালৈ মোৰ বৰকৈ মনত পৰিছে। তুমি ক’ত আছা মোৰ ওচৰলৈ আহা। ইফালে স্বামীয়ে পুত্ৰ সন্তানক কোলাত লৈ বিচাৰি ফুৰিছে পত্নীক।

উপায়ন্তৰ হৈ মহিলা গৰাকীৰ স্বামী কাষ চাপিছে আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ। স্বামীয়েও কান্দি কান্দি অনুৰোধ জনাইছে পত্নীক তুমি ক’ত আছা পুত্ৰৰ মুখলৈ চাই ঘুৰি আহা। পৰ পুৰুষৰ লগত বোৱাৰী পলাই যোৱা এইটোৱে প্ৰথম ঘটনা নহয়। এনে ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰিছে এইখন সমাজত। আচলতে সমাজ কোন দিশে গতি কৰিছে ? পতি-পত্নীৰ এই পবিত্র সম্পৰ্কত একাংশই এনেকৈ কালিমা সানিব ধৰা বিষয়টো সচাঁকৈ এক চিন্তনীয় বিষয় হৈ পৰিছে।