গুৱাহাটী 

৬ ফেব্ৰুৱাৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন উদ্ধোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা খেলুৱৈ সকল শুভেচ্ছা জ্ঞাপন কৰি উন্নত খেল প্ৰদৰ্শন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

শনিবাৰৰ পৰা গুৱাহাটীৰ সৰুসজাৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত আৰম্ভ হৈছে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে পুৱাৰ ভাগত সৰুসজাৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত উপস্থিত হৈ প্ৰতিযোগিতাখন উদ্ধোধন কৰে। মুখ্যমন্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰি উদ্ধোধন কৰা প্ৰতিযোগিতাখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মন্ত্ৰী যোগেন মোহনৰ লগতে আন্তঃৰাষ্ট্ৰীয় বক্সিঙ খেলুৱৈ অংকুছিতা বড়ো আৰু ফুটবল খেলুৱৈ দুৰ্গা বড়ো। উদ্ধোধনী অনুষ্ঠনাত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰতিযোগিতাখনত উন্নত খেল প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে অসমক খেলৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাখনে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈ সকলৰ নিষ্ঠাৰে খেল প্ৰদৰ্শন কৰি আগন্তক দিনত দেশৰ নাম সমগ্ৰ বিশ্বতে উজ্বলাবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে।

ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত আৰু অসম এথলেটিকছ সন্থাৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাখনৰ ১০ ফেব্ৰুৱাৰীত সমাপ্তি ঘটিব। ৫ দিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অসমৰ ৮১ জনীয়া খেলুৱৈৰ দলে অংশগ্ৰহণ কৰিছে।