কলগাছিয়া, ২ ছেপ্তেম্বৰ: নগাওঁ কাণ্ডৰ প্ৰতিবাদত বৰপেটা জিলাৰ বৰপেটাৰোডত অসম খিলঞ্জীয়া দল সংগঠন আৰু ৰাইজৰ উদ্যোগত এক জোঁৰ সমদল উলিওৱা হয়। বৰপেটাৰোড সাহিত্য সভা ভৱনৰ পৰা সহস্ৰাধিক পুৰুষ মহিলাই সমদল কৰি  হাতে হাতে জোঁৰ লৈ অসম বিৰোধী চক্ৰ হুচিয়াৰ,  অসম চৰকাৰ হায় হায়,  সৰ্বানন্দ সোনোৱাল হায় হায়, নৰেন্দ্ৰ  মোদী হায় হায় শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। প্ৰাক্তন আলফা অৰুণ মহন্তই সমদলত অংশগ্ৰহণ কৰি কয় যে, এয়া চীন ভাৰতৰ যুদ্ধ নহয়, এই যুদ্ধ পাকিস্তান ভাৰতৰ নহয়। এইখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। এইখন অসমত খিলঞ্জীয়াৰ সুৰক্ষা হ’বই লাগিব। জোঁৰ সমদলৰ প্ৰতিবাদকাৰীয়ে কয় যে, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সকলো জাতি-ধৰ্মৰ লোক ৰাজপথলৈ ওলাই আহিছে আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি হ’লেও আমি নিজৰ অধিকাৰ সুৰক্ষিত কৰিম। যিকোনো মূল্যৰ বিনিময়ত অসমৰ পৰা খিলঞ্জীয়া বিৰোধী চক্ৰক চৰকাৰে উৎখাত কৰিবই লাগিব। জোৰঁ সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চিলাৰায় সেনা, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ, আদিবাসী ছাত্ৰ সন্হা, প্ৰাক্তন আলফা ঐক্য মঞ্চ, জ্যেষ্ঠ নাগৰিক সন্হা, বিহু সুৰক্ষা সমিতি, শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ, গোৰ্খা ছাত্ৰ সন্হাৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।