গুৱাহাটী, ১ ছেপ্টেম্বৰঃ নাৰীৰ সৌন্দৰ্য্য আৰু লৰ্জ্জা নিৰ্বাৰণৰ প্ৰতীক চুলি৷ কিমান ৰুঢ় বাস্তৱৰ সন্মুখীন হ’ব লাগিব এগৰাকী নাৰী, যি নিজৰ চুলিটাৰি বিসৰ্জন দিবলৈও কুন্ঠাবোধ নকৰা হ’ব৷ মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত কেবাগৰাকী নাৰীয়ে নিজৰ সৌন্দৰ্য্য, লৰ্জ্জা নিৰ্বাৰণৰ প্ৰতীক সুন্দৰ চুলিটাৰী ৰাজহুৱা ভাবে বিসৰ্জন কৰে৷ নাৰীৰ শক্তিৰ প্ৰদৰ্শন কৰি খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত কেবাগৰাকী নাৰীয়ে এক অনন্য ৰূপত ৰাজপথলৈ ওলাই আহি ৰাজহুৱাভাবে মুণ্ডন কৰে৷ নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা, খিলঞ্জীয়াৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰা, খিলঞ্জীয়াৰ ভূমি সম্পদ সুনিশ্চিত কৰা, ১০০%  থলুৱা নিযুক্তি, অনা-অসমীয়াই চলোৱা আক্ৰমণ বন্ধ কৰা আদি বিভিন্ন কাৰ্যৰ প্ৰতিবাদ জনাই স্বাধীন নাৰী শক্তি আৰু অসম খিলঞ্জীয়া মঞ্চই দিঘলীপুখুৰীৰ পাৰত মুণ্ডন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰী সকলে খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীৰে চৌদিশ উত্তাল কৰি তোলে৷