সৰভোগ, সংবাদ ৩৬৫, ৮ এপ্ৰিল: চকচকা ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে দুপৰীয়া ১২.৩০ বজাত সৰভোগৰ ৰাজীৱ ভৱনত এখন নিৰ্বাচনী প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয়। সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভাই উপস্থিত থাকি দলীয় কৰ্মী আৰু বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে।

চকচকা ব্লক কংগ্ৰেছৰ সভাপতি কল্যাণজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰস্তুতি সভাত নিৰ্বাচনী সমিতি এখন গঠন কৰা হয়। সভাপতি গৰাকীয়ে তেওঁৰ বক্তব্যত আগন্তুক নিৰ্বাচনত ব্লক আৰু মণ্ডল পৰ্যায়ৰ সকলো দলীয় কৰ্মীক সক্ৰিয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অনুৰোধ জনায়।

ইফালে বৰপেটা লোকসভা সমষ্টিৰ মাদুলীঝাৰ পঞ্চায়তত কংগ্ৰেছ দলে আন এখন দলীয় সভা অনুষ্ঠিত কৰে। এই সভাত চকচকা ব্লক কংগ্ৰেছৰ সভাপতি কল্যাণজিৎ দাস, হালদিয়া জিলা পৰিষদৰ উপ-সভাপতি ছামছুল হক, আঞ্চলিকৰ সদস্য ডিম্পল শৰ্মা, মাদুলীঝাৰ পঞ্চায়তৰ সভাপতি তাজমিন বেগমসহ শতাধিক দলীয় কৰ্মী উপস্থিত থাকে।