হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলা চিয়াঁহীৰে লিখিব লাগিব পৰীক্ষাৰ্থীয়ে

গুৱাহাটী, ২৮ এপ্ৰিল : বিতৰ্কই লগ নেৰা ছেবা অবলম্ভন কৰিছে নিতৌ ন ন কৌশল।এইবাৰ ছেবাই  নতুন কৈশলৰ ভিতৰত হৈছে কলা চিয়াঁহী। ২০১৮ বৰ্ষৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থী সকলে ব্যৱহাৰ কৰিব নোৱাৰিব নীলা চিয়াঁহী।তাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগিব কলা ৰংঙৰ চিয়াঁহী।এই কথা প্ৰকাশ কৰিছে সেবাৰ সচিব কমল জ্যোতি গগৈয়ে।পৰীক্ষাৰ বহি সমুহ স্কেন কৰিবৰ বাবে এই কৌশল ব্যৱহাৰ কৰিছে ছেবাৰ কতৃপক্ষই।চলিত বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংক বহিখন পাৰীক্ষাৰ্থীৰ স্কেননিইং কৰাৰ ব্যৱস্থা কৰিছে।কিন্তু অহা বৰ্ষৰ পৰা সকলোবোৰ বহি কম্পিউটাৰত স্কনীং কৰি চোৱাৰ বাবে এই বেৱস্তা হাতত লৈছে।ইতিমধ্যে ছেবাৰ ফালৰ পৰা অসমৰ সকলো বিদ্যালিলৈ প্রেৰণ কৰা হৈছে জাননী।