নিউজ ডেস্ক, ২৮ নৱেম্বৰ, ২০২৬ : টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি, চৰণীয়া পথাৰ আৰু জলাশয় ৰক্ষাৰ দাবীত যোৱা ২৩ নৱেম্বৰৰ পৰা বান নিষ্কাশন নলা খনন দাবী সমিতি, টীয়কৰ আহ্বানত চলি থকা অনিৰ্দিষ্টকালীন গণ সত্যাগ্ৰহ কাৰ্যসূচীত উপস্থিত হৈ আজি সমৰ্থন আৰু সংহতি প্ৰকাশ কৰে বিৰোধী ঐক্য মঞ্চৰ এটা প্ৰতিনিধি দলে। টীয়কৰ কৃষক, পশুপালক, মৎস্যজীৱী আৰু সাধাৰণ ৰাইজৰ জীৱিকা, পৰম্পৰাগত ভূমি-পানীৰ অধিকাৰ তথা প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ দাবীত চলি থকা এই গণতান্ত্ৰিক আন্দোলনত অসমৰ কেইবাটাও বিৰোধী ৰাজনৈতিক (Political) দলৰ জ্যেষ্ঠ নেতা আৰু প্ৰতিনিধিৰ অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন কৰিছে।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ নামত টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি, চৰণীয়া পথাৰ আৰু জলাশয়ত বৃহৎ পৰিসৰৰ খনন কাৰ্য চলোৱাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পক কেন্দ্ৰ কৰি অঞ্চলটোৰ কৃষক আৰু স্থানীয় ৰাইজৰ মাজত গভীৰ উদ্বেগ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে। এই প্ৰকল্পই অঞ্চলটোৰ কৃষি অৰ্থনীতি, পশুপালন, মৎস্য উৎপাদন, পৰম্পৰাগত জীৱন-জীৱিকা আৰু প্ৰাকৃতিক পৰিৱেশত পেলাব পৰা সম্ভাৱ্য প্ৰভাৱক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰি আহিছে। প্ৰতিবাদী ৰাইজৰ মূল প্ৰশ্ন হৈছে-বান নিয়ন্ত্ৰণৰ নামত কৃষকৰ জীৱিকাৰ আধাৰস্বৰূপ কৃষিভূমি আৰু জলাশয়ৰ বৃহৎ পৰিসৰৰ খনন কিমানদূৰ যুক্তিসংগত? বান সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ পৰিকল্পনা, কাৰিকৰী ভিত্তি, প্ৰভাৱ মূল্যায়ন আৰু স্থানীয় ৰাইজৰ মতামতক কিয় যথোচিত গুৰুত্ব দিয়া হোৱা নাই? বানৰ পৰা জনসাধাৰণক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিবলৈ গৈ কৃষক আৰু প্ৰান্তীয় জীৱিকাৰ সৈতে জড়িত লোকসকলক অধিক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নোৱাৰি।
সত্যাগ্ৰহস্থলীত উপস্থিত বিৰোধী দলসমূহৰ প্ৰতিনিধিসকলে মত প্ৰকাশ কৰে যে, উন্নয়নৰ নামত কৃষিভূমি, জলাশয় আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। বান সমস্যা সমাধানৰ বাবে যিকোনো প্ৰকল্প গ্ৰহণৰ পূৰ্বে স্থানীয় ৰাইজৰ মতামত, কৃষি আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ তথা প্ৰকল্পটোৰ স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। কৃষকৰ ভৱিষ্যৎ আৰু জীৱিকাক বিপদাপন্ন কৰি কোনো উন্নয়ন প্ৰকল্প জাপি দিব নোৱাৰি। টীয়কৰ ৰাইজৰ ন্যায়সংগত দাবীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি প্ৰতিনিধি দলটোৱে কৃষকৰ স্বাৰ্থ, মাটিৰ অধিকাৰ আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ এই সংগ্ৰামত ৰাইজৰ কাষত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
আজিৰ কাৰ্যসূচীত উপস্থিত থাকে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, সত্যব্ৰত কলিতা, যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, পল্লৱী গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উদ্দীপজ্যোতি গগৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক সম্পাদক কনক গগৈ, ৰঞ্জন গোস্বামী, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নয়ন ভূঞা আৰু সংগীতা দাস, ৰাজ্যিক কমিটিৰ সদস্য তথা যোৰহাট জিলা সম্পাদক সুনীল বৰুৱা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) লিবাৰেচনৰ ৰাজ্যিক সম্পাদক বিবেক দাস, ৰাজেন ৰাজোৱাৰ আৰু অনন্ত হাজৰিকাকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ অন্যান্য বিষয়ববীয়া আৰু প্ৰতিনিধিসকল।
বান নিষ্কাশন নলা খননৰ দাবী সমিতিৰ সভাপতি ৰমেশ দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে আন্দোলনৰ পটভূমি, প্ৰস্তাৱিত প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱ আৰু স্থানীয় ৰাইজৰ দাবীসমূহৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় সমিতিৰ উপদেষ্টা দেবাংগ সৌৰভ গগৈয়ে। সভাত সমিতিৰ কাৰ্যকৰী সভাপতি কমল শইকীয়া, সম্পাদক পাৰ্থ সাৰথি শইকীয়া, অসীম দত্ত, বৰুণ লাহনসহ সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ উপৰি যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ সৰকাৰ, পাপৰি গগৈ, গীতাঞ্জলি গগৈ আদিয়েও সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ কৰে।
যোৱা ২৩ নৱেম্বৰৰ পৰা অবিৰতভাৱে চলি থকা এই অনিৰ্দিষ্টকালীন গণ সত্যাগ্ৰহে টীয়কৰ কৃষক ৰাইজৰ ন্যায়সংগত দাবীক এক বৃহত্তৰ জনস্বাৰ্থৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছে। অসমৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ অংশগ্ৰহণ আৰু সমৰ্থনে এই আন্দোলনক অধিক শক্তিশালী কৰাৰ লগতে চৰকাৰৰ ওপৰত বিষয়টোৰ প্ৰতি দায়িত্বশীল আৰু ইতিবাচক পদক্ষেপ গ্ৰহণৰ দাবী অধিক জোৰদাৰ কৰি তুলিছে। কৃষকৰ জীৱিকা, পৰম্পৰাগত সম্পদ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত চলি থকা এই গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি চৰকাৰে এতিয়া কেনে সঁহাৰি জনায়, সেয়া লক্ষণীয় হ’ব।
