গুৱাহাটী, ২৮ এপ্ৰিলঃ  উত্তৰ পূৰ্বাঞ্চলৰ কুইজৰ জনক, বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কুমাৰ বৰুৱাই যোৱানিশা ১০.৪৫ বজাত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে৷ দিলীপ কুমাৰ বৰুৱা কেৱল এটা পৰিচ্ছন্ন নাম নহয়, এটা ঋদ্ধ অনুষ্ঠান আছিল৷ ড° দিলীপ কুমাৰ বৰুৱাই শ্বিলঙৰ ছেইণ্ট এন্থনিজ কলেজৰ পৰা ইণ্টাৰমিডিয়েট ডিগ্ৰী অৰ্জন কৰাৰ পাছত কটন কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৬ চনত কটন কলেজৰ অৰ্থনীতি বিভাগত অধ্যাপনা কৰে। ২০০০ চনত কটন কলেজৰ অধ্যক্ষ হোৱাৰ পাছত ২০০১ চনত হাফলং কলেজৰ অধ্যক্ষ হিচাপে চাকৰিৰ পৰা অৱসৰ লয়। দিলিপ বৰুৱাই কেবাবছৰো এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ জইণ্ট ডাইৰেক্টৰ হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰে। বৰুৱাৰ মৃত্যুত অসমৰ কুইজৰ এটা যুগৰো অৱসান হ’ল৷ অসম কুইজৰ মহীৰূহ দিলীপ কুমাৰ বৰুৱাৰ মৃত্যুত চৌদিশে মাথো শূন্যতাই বিৰাজ কৰিছে ৷ দীৰ্ঘদিন ধৰি অসুস্থতাত ভোগা বৰুৱাৰ বিয়োগত অসমবাসীয়ে কেৱল এজন কুইজ মাষ্টৰে নহয়, এজন শিক্ষাবিদ, অৰ্থনীতিবিদ, যুৱ প্ৰজন্মৰ পথ প্ৰদৰ্শকক হেৰুৱালে৷ বৰুৱাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপি, অসম প্ৰদেশ কংগ্ৰেছ কমিটী, অসম গণ পৰিষদ, আছু, আমছু, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি কৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷