মৰিয়নী, সংবাদ ৩৬৫, ১৯ মেঃ যোৰহাট জিলাৰ মৰিয়নীৰ কাকজান চাহ বাগিচাৰ মাজেৰে বৈ যোৱা কাকজান নদীত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আবদ্ধ হৈ পৰে। বাগিচাখনৰ কেইজনমান ব্যক্তিয়ে কাকজান নৈত এটা আঘাতপ্ৰাপ্ত বাঘ পৰি থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ বন বিভাগক খবৰ দিয়াত মৰিয়নী বনাঞ্চলিক বিষয়া সহিতে কেইবাজনো বন বিষয়া ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ লোকে সন্দেহ কৰা মতে  প্ৰকাণ্ড নাহৰফুটুকী বাঘটো অন্য বাঘৰ লগত সংঘৰ্ষত লিপ্ত হৈ আঘাতপ্ৰাপ্ত হৈ নদীখনত আবদ্ধ হৈ পৰে। বন বিভাগে কেইবাঘণ্টা চেষ্টা কৰিও বাঘটোক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। বৰ্তমান বাঘটো চাবলৈ লোকাৰণ্য হৈ পৰে অঞ্চলটো।