মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৯ মেঃ চোৰাং কাঠ বেপাৰীৰ ৰম্যভুমিত পৰিণত হোৱা ৰাণীত বনবিভাগে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। পূৱ কামৰূপ সংমণ্ড বনবিভাগৰ এচিএফ ভাস্কৰ ডেকা আৰু প্ৰটেকচন স্কোৱাৰ্দ ৰেঞ্জাৰ অৰূপ কলিতাৰ নেতৃত্বত এটি দলে ৰাণীৰ কাহাঁৰপাৰাস্থিত দাস টিম্বাৰ চ’পত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণ চোৰাং কাঠৰ লগতে এএছ-০১-ইচি-৩৭৫৯ নম্বৰৰ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। বনবিভাগে জব্দ কৰা চোৰাং কাঠখিনীৰ বজাৰ মূল্য ২ লাখ টকাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে ৰাণীৰ কাহাঁৰপাৰাত মমত দাস নামৰ এজন লোকৰ ‘দাস টিম্বাৰ চ’প’ নামৰ এখন চৰকাৰী অনুজ্ঞাপত্ৰধাৰী দোকান আছে। বন বিভাগৰ সুত্ৰই জানিব দিয়ামতে উক্ত বৈধ দোকানখনৰ অনুজ্ঞাপত্ৰখনক লৈ ৰাণীৰ কুখ্যাত কাঠ মাফিয়া হিচাপে পৰিচিত অমৃত দাস ওৰফে পাতিলে বহু দিনৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই ৰাণী সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ কাটি এই দোকানখনত অবৈধভাৱে মজুত কৰি ৰাখিছিল। চৰকাৰৰ ৰাজহ ফাঁকি দি চোৰাংকাঠবোৰ বৈধ দেখুৱাই অবৈধভাৱে লাখ লাখ টকা উপাৰ্জন কৰি আহিছিল এই কাঠ মাফিয়াজনে। বনবিভাগে এক গোপনসুত্ৰে পোৱা খবৰৰ ভিত্তিত অভিযান চলাই দোকানখনৰ পৰা টিপি, চালান নোহোৱাকৈ মজুত ৰখা চোৰাং কাঠবোৰ জব্দ কৰে। আনহাতে ‘দাস টিম্বাৰ চ’প’ নামৰ কাঠৰ দোকানখনৰ অনুজ্ঞাপত্ৰ বাতিল হ’ব বুলি বনবিভাগৰ সুত্ৰই প্ৰকাশ কৰে ।