নলবাৰী, সংবাদ ৩৬৫, ১৯ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে নলবাৰীত আছুয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আছুয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ মূর্দাবাদ বিজেপি মূর্দাবাদ ধ্বনিৰে নলবাৰীত পৰিবেশ উত্তাল তোলে। নাগৰিকত্ব সংশোধনী বিধায়ক বাতিলৰ দাবী নলবাৰীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চলি থকা সময়তে আছুৰ কেইৱাশতাধিক কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।