বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৯ মেঃ চলিত বছৰৰ ৬ এপ্ৰিলত অভয়াপুৰী থানাৰ অন্তৰ্গত বাটাবাৰী গাঁৱৰ ৰামমন্দিৰ প্ৰাংগণত দীলিপ ৰায়ৰ কনমানি পুত্ৰ আৰু বাকলি নাথৰ পুত্ৰই ওমলি থাকোতে দুয়োটাৰ মাজত মাৰপিট লগত বাকলি নাথৰ জীয়ৰী তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী মধুস্মিতা নাথে দীলিপ ৰায়ৰ পুত্ৰক সামান্য আঘাত কৰি নিজ ভাতৃক ঘৰলৈ লৈ যায়। এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২ঘন্টা মানৰ পিছত দিলীপ ৰায়, বলাই ৰায়, ধনঞ্জয় ৰায় আৰু গাঁৱৰ পুৰুষ মহিলাৰ এটি উদণ্ড দলে সন্ধিয়া প্ৰায় ৭ বজাত ঘৰত অভিভাৱক নথকা বাকলি নাথৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মধুস্মিতা নাথ নামৰ কিশোৰী গৰাকীক চোচৰাই ঘৰৰ পৰা বাহিৰলৈ লৈ আনি মাৰপিট কৰাৰ লগতে মন্দিৰ প্ৰাংগণত থকা এটা বগৰী গছত কিশোৰী গৰাকীক বান্ধি অমানুষিক অত্যাচাৰ চলায়। এই ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীক গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে। ইপিনে, ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালটোৱে অভয়াপুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে প্ৰায় এমাহ ধৰি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰাৰ লগতে ছাত্ৰী গৰাকীয়ে মানসিক ভাবে ভাঙি পৰা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উল্লেখ্য যে ,অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক অমানুষিক অত্যাচাৰ চলোৱাৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কিশোৰী গৰাকীৰ মানসিক অৱস্থাৰ খৱৰ লবলৈ জিলাখনৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ বাকলি নাথৰ ঘৰত উপস্থিত হৈ ঘটনাৰ লগত জঢ়িত দোষী ব্যক্তিৰ শাস্তিৰ দাবী তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে আৰু আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে ক্ষোভিত ৰাইজে। উক্ত ঘটনাটোক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হোৱাত মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগু আৰু অভয়াপুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী বাহিনী উপস্থিত হৈ ঘটনাৰ লগত জঢ়িত দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দি পৰিস্থিতি নিয়ন্ত্ৰন কৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে।