নলবাৰী, ২৪ আগষ্টঃ নলবাৰীত এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, নলবাৰীৰ বৰাজোলৰ সমীপৰ পালাংদিত সবিতা বৰ্মন নামৰ মহিলা গৰাকীয়ে ২২আগষ্টৰ নিশা কেৰাচিন ঢালি অগ্নিসংযোগ কৰে। পৰিয়ালবৰ্গ তথা ওচৰ চুবুৰীয়াই জুই নুমুৱাই যদিও শৰীৰৰ প্ৰায় অংশ জ্বলি যায়। ততাতৈয়াকৈ মহিলাগৰাকীক স্বামী নাৰায়ণ বৰ্মনে জিএমচিএইচত ভৰ্ত্তি কৰে৷ কিন্তু চিকিৎসালয়ত মহিলা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতেই সন্ধিয়া মৃতদেহ স্বামী গৃহলৈ অনাৰ পিছত মাতৃগৃহৰ  লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ক্ষুদ্ধলোকে স্বামী গৃহৰ ঘৰ দুৱাৰৰ ক্ষতি কৰাৰ লগতে সা-সামগ্ৰী জ্বলাই চোতালতে মৃতদেহ সৎকাৰৰো ব্যৱস্থা কৰে। অৱশেষত ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অন্যহাতে মাতৃগৃহৰ অভিযোগ অনুসৰি, সবিতাক স্বামীগৃহৰ লোকে বহু দিনৰ পৰা যৌতুকৰ দাবী কৰি আহিছিল৷ যৌতুকৰ কাৰণতে সবিতাই আত্মহননৰ পথ বাচি ল’বলৈ বাধ্য হ’ল বুলি দাবী কৰে৷